NORTHEAST NOW (Assamese)
অসম

বাঘজানৰ অগ্নি নিৰ্বাপনৰ কামত ব্যস্ত হৈ থাকোতেই অইলৰ অভিযন্তাৰ মৃত্যু

Posted by: অভিক চক্ৰৱৰ্তী Updated by: অভিক চক্ৰৱৰ্তী September 9, 2020 8:04 pm
bagh

তৈলখাদত সংঘটিত বিস্ফোৰণৰ পিছতে দাউ দাউকৈ জ্বলি উঠা বাঘজানৰ জুই নিৰ্বাপন কৰিবলৈ গৈ শোকাৱহ মৃত্যুক আকোঁৱালি ল’লে অইলৰ এজন অভিযন্তাই।

আজি জুই নিৰ্বাপনৰ কামত লাগি থকাৰ সময়তে অইলৰ অভিযন্তা অৰ্ণৱ কিশোৰ বৰদলৈ বিদ্যুৎস্পৃষ্ট হয়।

অতি সংকটজনক অৱস্থাত অভিযন্তা গৰাকীক এম্বুলেন্সেৰে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

প্ৰত্যক্ষদৰ্শীয়ে প্ৰকাশ কৰা মতে ওপৰত উঠি কাম কৰি থকাৰ সময়তে অইলৰ অভিযন্তাগৰাকী হঠাতে তললৈ পৰি যায়।

তেওঁক লগে লগে প্ৰাথমিক চিকিৎসা প্ৰদান কৰি ডিব্ৰুগড়লৈ নিয়াৰ ব্যৱস্থা কৰা হয়।

যদিও প্ৰাথমিক পৰ্যবেক্ষণৰ পৰা অভিযন্তাগৰাকী বিদ্যুৎস্পৃষ্ট হোৱা বুলি ধাৰণা কৰা হৈছে তথাপি মৰণোত্তৰ পৰীক্ষাৰ পিছতহে তেওঁৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব বুলি অইলৰ সূত্ৰই প্ৰকাশ কৰিছে।

অইলে নিজাববীয়াকৈ ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।