NORTHEAST NOW (Assamese)
অসম

কাশ্মীৰত উদ্ধাৰ মানুহৰ পূৰ্বপুৰুষৰ ১ কোটি ৩০ লাখ বছৰ পুৰণি দাঁত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 10, 2020 3:34 pm
app

মানুহৰ পূৰ্ব পুৰুষ হেনো আছিল বান্দৰ।

ডাৰউইনৰ তত্ত্বৰ পৰা আৰম্ভ কৰি নৃতত্ত্বৰ সকলো গৱেষণাই তাকেই প্ৰমাণ  কৰিছে।

মানুহৰ পূৰ্ব পুৰুষ বান্দৰ আছিল যদিও তেনে বান্দৰৰ জীৱাষ্ম পিছে পৃথিৱীৰ খুব কম ঠাইতহে উদ্ধাৰ হৈছে।

শেহতীয়াকৈ কাশ্মীৰত উদ্ধাৰ হৈছে মানুহৰ পূৰ্ব পুৰুষ বুলি ধাৰণা কৰা বান্দৰ জাতীয় প্ৰাণী এবিধৰ জীৱাষ্ম।

কাশ্মীৰৰ উধামপুৰ জিলাৰ ৰামনগৰ নামৰ ঠাইখনত শেহতীয়াকৈ আমেৰিকাৰ এৰিজনা বিশ্ব বিদ্যালয় আৰু পঞ্জাৱ বিশ্ব বিদ্যালয়ৰ পুৰাতত্ত্ববিদৰ দল এটাই অনুসন্ধান চলাওতে এটা বিশেষ প্ৰাণীৰ দাঁত এটা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

গৱেষকৰ দলটোৱে দাঁতটো পৰীক্ষাগাৰলৈ নি পৰীক্ষা কৰাৰ পিছত এই কথাত নিশ্চিত হয় যে দাঁতটোৰ বয়স প্ৰায় ১ কোটি ৩০ লাখ বছৰ হ’ব।

দাঁতটো বান্দৰ জাতীয় প্ৰাণীৰ আৰু সেয়া মানুহৰ পূৰ্বপুৰুষৰেই হ’ব বুলি গৱেষকৰ দলটোৱে সন্দেহ কৰিছে।

গৱেষকৰ  দলটোৰ মতে তাহানিতে আফ্ৰিকাৰ পৰা এছিয়ালৈ মানুহৰ পূৰ্বপুৰুষ এপ জাতীয় প্ৰাণীবোৰ আহিছিল।

তেনে প্ৰাণীৰেই দাঁত সেয়া বুলি গৱেষকৰ দলটোৱে ধাৰণা কৰিছে।

দাঁতটো সম্পৰ্কত আৰু অধিক গৱেষণা কৰিলে মানুহৰ ক্ৰমবিৱৰ্তনৰ ধাৰাটো সম্পৰ্কে জানিব পৰা যাব বুলি তেওঁলোকে ধাৰণা কৰিছে।