NORTHEAST NOW (Assamese)
অসম

প্ৰত্যাহ্বান স্বীকাৰ; সকলোৱে দেখাকৈ টিভি অনুষ্ঠানত ক’ৰ’নাৰ ভেকচিন গ্ৰহণ কৰিব ড’নাল্ড ট্ৰাম্পৰ কন্যা ইভাংকাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 11, 2020 4:17 pm

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কন্যা ইভাংকা ট্ৰাম্পে সকলোৱে দেখাকৈ টিভি অনুষ্ঠানত অংশগ্ৰহণ কৰি ক’ৰ’না ভাইৰাছৰ টিকা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে।

জয় বেহাৰ নামৰ এগৰাকী সংবাদকৰ্মীয়ে ইভাংকা ট্ৰাম্পে ক’ৰ’না ভাইৰাছৰ ভেকচিন গ্ৰহণ কৰিলেহে তেওঁ ক’ৰ’না ভাইৰাছ প্ৰতিৰোধী ভেকচিন গ্ৰহণ কৰিব বুলি কৰা মন্তব্যৰ পাছতে ইভাংকাই সকলোৱে দেখাকৈ ভেকচিন গ্ৰহণ কৰিব বুলি মন্তব্য কৰে।

”মই এফ ডি এক বিশ্বাস কৰো আৰু সকলো আমেৰিকা বাসীকে বিশ্বাস কৰো। ক’ৰ’না ভাইৰাছক পৰাস্ত কৰাটো বৰ্তমান সময়ত আমাৰ সকলোৰে সন্মিলিত আৰু প্ৰধান প্ৰচেষ্টা,” ইভাংকা ট্ৰাম্পে টেলিভিশ্যন শ্ব’ত অংশগ্ৰহণ কৰি এইদৰে কয়।

‘দ্যা ভিউ টক’ নামৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সময়তে ইভাংকা ট্ৰাম্পক জয় বেহাৰ নামৰ অনুষ্ঠান পৰিচালনা কৰা ব্যক্তি গৰাকীয়ে ক’ৰ’নাৰ ভেকচিন গ্ৰহণ কৰাৰ বাবে প্ৰত্যাহ্বান জনাইছিল।

আনহাতে, ট্ৰাম্প কন্যাই বুদ্ধিদীপ্তভাৱে এই প্ৰত্যাহ্বান গ্ৰহণ কৰি সকলোৱে দেখাকৈ ভেকচিন গ্ৰহণ কৰিব বুলি কৰা মন্তব্যই এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।