NORTHEAST NOW (Assamese)
অসম

নামেৰি ৰাষ্ট্ৰীয় উদ্যানত অস্ত্ৰসহ চোৰাংচিকাৰী গ্ৰেপ্তাৰ

Posted by: প্ৰণৱ কুমাৰ দাস Updated by: প্ৰণৱ কুমাৰ দাস September 12, 2020 10:08 pm
One poacher arrested with arms at Nameri National Park

বন বিভাগে শনিবাৰে অস্ত্ৰসহ এজন চোৰাংচিকাৰীক নামেৰি ৰাষ্ট্ৰীয় উদ্যানত গ্ৰেপ্তাৰ কৰিছে।

চোৰাংচিকাৰীজনক দেজি খাকলাৰী বুলি চিনাক্ত কৰা হৈছে।

সন্ধিয়া ৰাষ্ট্ৰীয় উদ্যানখনত প্ৰৱেশ কৰিবলৈ লওঁতে চোৰাংচিকাৰীজনক গ্ৰেপ্তাৰ কৰা হৈছে।

বন বিষয়া অমৃত দলে আৰু দীপ কলিতাৰ নেতৃত্বত বিভাগৰ দলে চোৰাংচিকাৰীজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

খাকলাৰীৰ পৰা দুটা হস্তনিৰ্মিত বন্দুক, এখন নাও আৰু বিস্ফোৰক জব্দ কৰা হৈছে।

বন বিভাগৰ সূত্ৰমতে শনিবাৰে সন্ধিয়া জীয়াভৰলী নৈৰে নামেৰিত চোৰাংচিকাৰীৰ এটা দলে প্ৰৱেশৰ চেষ্টা কৰিছিল।

বন বিভাগৰ দলে তেওঁলোকৰ পিছ লোৱাত বাকীকেইজনে নৈত জাঁপ দি পলাবলৈ সক্ষম হয়।

অভিযুক্ত চোৰাংচিকাৰীজনক জেৰা চলাই থকা হৈছে বুলি বন বিভাগৰ সূত্ৰত প্ৰকাশ।