NORTHEAST NOW (Assamese)
অসম

ৰাজ্যৰ ৫ দৰিদ্ৰ মেধাৱী স্নাতকলৈ দিল্লীৰ ৰাউজ আই এ এছ ষ্টাডি চাৰ্কলত অধ্যয়নৰ খৰচ বহন কৰিব ‘বিভা-হিমাংশু মেম’ৰিয়েল ট্ৰাষ্টে

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 13, 2020 11:24 am
b24ecc0e-285b-4343-bf86-70c9758b9054

দৰিদ্ৰতা কেতিয়াও অধ্যয়নত হেঙাৰ হ’ব নোৱাৰে। তথাপি আৰ্থিক দৈনতাৰ বাবে বহু দৰিদ্ৰ মেধাবী ছাত্ৰ-ছাত্ৰীয়ে উচ্চ শিক্ষা লাভৰ পৰা বঞ্চিত হৈ আহিছে।

তেনে সময়তে ‘বিভা-হিমাংশু মেম’ৰিয়েল ট্ৰাষ্টে’ দৰিদ্ৰ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ বাবে এক বিশেষ আঁচনি ‘পঞ্চ পাৰচমনি’ ঘোষণা কৰিছে।

গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে ট্ৰাষ্টৰ ন্যাসৰক্ষী সঞ্জয় গোস্বামী আৰু নন্দিতা শৰ্মা গোস্বামীয়ে।

এই আঁচনিৰ অধীনত ৰাজ্যৰ ৫ দৰিদ্ৰ মেধাৱী স্নাতকলৈ লেপটপসহ দিল্লীৰ ৰাউজ আই.এ.এছ ষ্টাডি চাৰ্কলত পঢ়া সকলো খৰচ বহন কৰিব ‘বিভা-হিমাংশু মেম’ৰিয়েল ট্ৰাষ্টে।

ইপিনে, পাঁচজন দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক নিৰ্বাচিত কৰিবৰ বাবে ট্ৰাষ্টে এক লিখিত পৰীক্ষা অনুষ্ঠিত কৰিব। সেই পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পাছত এক চমু সাক্ষাৎকাৰ অনুষ্ঠিত হ’ব।

সাক্ষাৎকাৰত উত্তীৰ্ণসকলে দিল্লীৰ ৰাউজ আই.এ.এছ ষ্টাডি চাৰ্কলত অধ্যয়ন কৰাৰ সুবিধা লাভ কৰিব।

ক’ভিডৰ প্ৰট’কল মানি অহা ৩০ ছেপ্টেম্বৰত দিনৰ ১১ বজাৰ পৰা বেলতলা নিম্ন বুনিয়াদী বিদ্যালয়ত ২০০ নম্বৰৰ লিখিত পৰীক্ষা অনুষ্ঠিত কৰিব।

এই বাছনি পৰীক্ষাৰ বাবে আগ্ৰহীসকলে অহা ২৬ ছেপ্টেম্বৰৰ ভিতৰত অনলাইনৰ জৰিয়তে আবেদন কৰিব পাৰিব। www.onlinener5.com/trust/index.php লিংকৰ জৰিয়তে আবেদনকাৰীয়ে আবেদন কৰিব পাৰিব।

আবেদনকাৰীৰ বয়স ১.১.২০২০ লৈকে ২৫ বছৰ হ’ব লাগিব আৰু স্নাতকত ৫৫ শতাংশ নম্বৰসহ উত্তীৰ্ণ হ’ব লাগিব।

ক’ৰ’নাৰ সংকট শেষ নোহোৱা পৰ্য্যন্ত অহা ৯ অক্টোবৰৰ পৰা উত্তীৰ্ণসকলে অনলাইনযোগে দৈনিক পাঠ গ্ৰহণ কৰিব য’ত তেওঁলোকৰ খোৱা-থকাৰ সকলো খৰচ ট্ৰাষ্টে বহন কৰিব।

চৰকাৰী নিৰ্দেশনা অনুসৰি চৰকাৰী বে-চৰকাৰী শিক্ষানুষ্ঠান মুকলি হ’লে পাঁচগৰাকী উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে দিল্লীস্থিত ৰাউজ আই.এ.এছ চাৰ্কোলত গৈ তেওঁলোকৰ সম্পূৰ্ণ তত্বাৱধানত থাকি পাঠ গ্ৰহণ কৰিব লাগিব।