NORTHEAST NOW (Assamese)
অসম

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত কৰ্তব্যৰত চিকিৎসকক আক্ৰমণ : এগৰাকীক গ্ৰেপ্তাৰ আৰক্ষীৰ

Posted by: স্মিতা ভট্টাচাৰ্য Updated by: স্মিতা ভট্টাচাৰ্য September 13, 2020 3:27 pm
Story-1-22-1140x570

যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত এগৰাকী কৰ্তব্যৰত চিকিৎসক আক্ৰমণ কৰাৰ অবিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এগৰাকী লোকক।

ঘটনাৰ বিৱৰণীৰ মতে শনিবাৰে বোকাখাতৰ ইশানজ্যোতি শইকীয়া নামৰ লোকজনৰ কোভিডত আক্ৰান্ত পিতৃ অৰূপজ্যোতি শইকীয়াৰ যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত মৃত্যু হয়।

ইশানজ্যোতি শইকীয়াই ডাঃ দীপজ্যোতি শইকীয়া নামৰ যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ চিকিৎসকজনৰ অৱহেলাৰ বাবে পিতৃৰ মৃত্যু হোৱাৰ অভিযোগ তুলি চিকিৎসকগৰাকীক আক্ৰমণ কৰে।

শনিবাৰে সন্ধিয়া আক্ৰমণন বলি হোৱা চিকিৎসক গৰাকীয়ে যোৰহাট সদৰ থানাত এই সন্দৰ্ভত এক অভিযোগ দাখিল কৰে।

চিকিৎসক ডাঃ দীপজ্যোতি শইকীয়াৰ অভিযোগৰ ভিত্তি আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩৩২/৩৬৩ৰ অধীনত গোচৰ ৰুজু কৰি অভিযুক্ত ইশানজ্যোতি শইকীয়াক শনিবাৰে সন্ধিয়া গ্ৰেপ্তাৰ কৰিছে।

ইফালে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধীক্ষক ডাঃ পূৰ্ণিমা বৰুৱাই সংবাদ মাধম্যৰ আগত কয় যে ৮০ উৰ্দ্ধৰ মধুমেহ ৰোগত আক্ৰান্ত অৰূপ জ্যোতি শইকীয়াক কোভিড পজিটিভ ধৰা পৰাত শুকুৰবাৰে পুৱা ভাগত JMCHত ভৰ্তি কৰোৱা হৈছিল।

“শনিবাৰে পুৱা তেওঁক আইচিইউলৈ প্ৰেৰণ কৰিবলৈ আইচিইউত বিচনা নাছিল। দুৰ্ভাগ্যবশতঃ শনিবাৰেই ৰোগীজনৰ মৃত্যু ঘটে। ইয়াৰ পিছতে ইশানজ্যোতিৰসহ মৃত ৰোগীজনৰ দুই পুত্ৰই কৰ্তব্যৰত চিকিৎসক ডাঃ দীপজ্যোতি শইকীয়াক আক্ৰমণ কৰে।” ডাঃ বৰুৱাই কয়।