NORTHEAST NOW (Assamese)
অসম

কোভিড যুদ্ধৰ আন এক দৃশ্য : কোভিড যোদ্ধাৰ বিলৈ!; তিনিজনক খাবলৈ দিয়া হয় এটা কণী!

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 13, 2020 7:45 pm

ৰাজ্যত ক’ৰ’ণাত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি লোৱা লোকৰ সংখ্যা যিমানেই বৃদ্ধি পাইছে সিমানেই তৎপৰতা বৃদ্ধি পাইছে মৃতদেহ কঢ়িয়াই অনা লোকৰ।

এগৰাকী কোভিড যোদ্ধা হিচাপে এওঁলোকৰো অৱদান অনস্বীকাৰ্য। উপযুক্ত তথা সু-স্বাদু খাদ্য লাভ কৰাৰ অধিকাৰ এইসকলৰো আছে।

কিন্তু নৰ্থ ইষ্ট নাওৰ কেমেৰাৰ সন্মুখত নাম প্ৰকাশত অনিশ্চুক এজন কোভিড যোদ্ধাৰ বিস্ফোৰক অভিযোগ তেওঁলোকক মাছ-মাংস খাবলৈ দিয়াতো বাদেই তিনিগৰাকীৰ মাজত এটা কণী ভাগ কৰি খাবলৈ দিয়া হয়।

‘আমি যিখন হোটেলত আছো, খাদ্য দিয়াৰ নিয়ম নীতিখিনি ঠিকেই আছে যদিও তৃপ্তি বা সা-সুবিধা সেইবোৰ নাথাকে। এদিনো মাছ-মাংস নিদিলে। কেতিয়াবা কণী এটা তিনিভাগ কৰি তিনিজনক দিয়া হয়।’ উলুবাৰী শ্মশানলৈ কোভিড ৰোগীৰ মৃতদেহ কঢ়িয়াই অনা এজন লোকে এইদৰে কয়।

তেওঁ আৰু কয় ‘আমি কষ্ট কৰা অনুপাতে খাদ্য পোৱা নাই। ইমানখিনি কষ্ট কৰি আছো সপ্তাহত কমেও তিনিদিন মাছ নাইবা মাংস পাব লাগিছিল যদি এদিনো পোৱা নাই।’

কোভিড যুদ্ধখনত নিজকে নিয়োগ কৰি পৰিয়ালৰ লোকৰ পৰা দীৰ্ঘদিনে বিচ্ছিন্ন হৈ থকা এইসকল লোকে ন্যূনতম যি খোৱা-বোৱাৰ সুবিধা সেয়া লাভ কৰিব লাগিছিল তথা এয়া লাভ কৰাটো এওঁলোকৰ অধিকাৰ।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মানৱ অধিকাৰ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়াই।

তেওঁ কয় ‘কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰণালয়ে যি নিৰ্দেশনা দিছে যে প্ৰতিজন ৰোগী আৰু চিকিৎসক, নাৰ্ছ বা কোভিডৰ কৰ্তব্য কৰা সকলো লোকক স্বাস্থ্যৰ প্ৰতি সজাগ হ’ব লাগিব। তেওঁলোকৰ খাদ্যত প্ৰটিন থাকিব লাগিব বা যিখিনি ভিটামিনৰ প্ৰয়োজন সেইখিনি থাকিব লাগিব।’

‘যেতিয়া চৰকাৰেই খাদ্য যোগানৰ পৰা আৰম্ভ কৰি সমগ্ৰ কোভিড প্ৰক্ৰিয়াটো চোৱা-চিতা কৰি আছে গতিকে স্বাস্থ্যসন্মত খাদ্য সামগ্ৰী যোগান ধৰিব লাগে। মৃতদেহ কঢ়িয়াই অনা লোকসকল আগশাৰীৰ কোভিদ যোদ্ধা। চৰকাৰে নিয়ম মতে এইসকলক খাদ্যৰ যোগান ধৰিব লাগে।’ শইকীয়াই লগতে কয়।

চৰকাৰে যদি এটা কণী তিনিভাগ কৰি এইসকল কোভিড যোদ্ধাক দিছে তেন্তে নিশ্চয়কৈ তেওঁলোকৰ অধিকাৰ খৰ্ব হোৱা বুলি দাবী কৰে শইকীয়াই।

তেওঁ লগতে কয় ‘এনেধৰণৰ সৰু সৰু কথাবোৰৰ পৰাই মানৱ অধিকাৰ খৰ্ব হয়। স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যিবোৰ আহ্বান দি থাকে, কি আহ্বান দি কথা কৈ থকাতকৈ কাম কৰি কৰিছে বা আদৰ্শ কি দেখুৱাইছে সেইটোহে আচল নমুনা হোৱা উচিত।’