NORTHEAST NOW (Assamese)
অসম

জনসাধাৰণৰ মনত বিশ্বাসৰ অভাৱ হ’লে মই প্ৰথম কোভিডৰ ভেকচিন গ্ৰহণ কৰিম; কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীৰ মন্তব্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 13, 2020 8:28 pm

ভাৰতত ২০২১ চনৰ এপ্ৰিল মাহৰ ভিতৰত ক’ৰ’না ভাইৰাছ প্ৰতিৰোধী ভেকচিন উপলব্ধ হ’ব বুলি দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষবৰ্দ্ধনে উল্লেখ কৰে।

‘‘কোভিড ভেকচিন আগান্তুক বৰ্ষৰ প্ৰথম ভাগত দেশৰ জনসাধাৰণৰ বাবে উপলব্ধ হ’ব,’’ হৰ্ষবৰ্দ্ধনে এক অনুষ্ঠানত সম্বোধন কৰি এইদৰে কয়।

আনহাতে, ভাৰতত ক’ৰ’না ভাইৰাছৰ মানৱ দেহত পৰীক্ষণৰ সময়ত চৰকাৰে সম্পুৰ্ণ সজাগতা গ্ৰহণ কৰিছে বুলিও হৰ্ষবৰ্দ্ধনে লগতে জানিবলৈ দিয়ে।

তদুপৰি, ভেকচিনৰ সুৰক্ষা, ব্যয়, সংখ্যা, বিতৰণ ব্যৱস্থা আদিৰ ক্ষেত্ৰতো চৰকাৰে সঠিক পদক্ষেপ গ্ৰহণ কৰিব বুলি স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে লগতে প্ৰকাশ কৰে।

স্বাস্থ্য মন্ত্ৰী হৰ্ষবৰ্দ্ধনে লগতে কয় যে, যদিহে জনসাধাৰণৰ মনত ভেকচিন সম্বন্ধে বিশ্বাসৰ অভাৱ হয় তেন্তে তেওঁ প্ৰথম ব্যক্তি হিচাপে এই ভেকচিন গ্ৰহণ কৰিব।

হৰ্ষবৰ্দ্ধনে লগতে কয় যে, স্বাস্থ্য কৰ্মী, জেষ্ঠ নাগৰিক আৰু ৰোগাক্ৰান্ত ব্যক্তিসকলক চিনাক্ত কৰি প্ৰথমতে ভেকচিন প্ৰদানৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ’ব।