NORTHEAST NOW (Assamese)
অসম

মেঘালয়ৰ ৰাজভৱনৰ ত্ৰিশ গৰাকী কৰ্মী ক’ৰ’না প’জিটিভ; ৰাজ্যপালৰ ফলাফল নিগেটিভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 14, 2020 3:00 pm

শ্বিলঙত অৱস্থিত মেঘালয়ৰ ৰাজভৱনৰ ত্ৰিশ গৰাকী কৰ্মীৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

ৰাজভৱনৰ ত্ৰিশ গৰাকী কৰ্মীৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে যদিও ৰাজ্যপাল সত্যপাল মালিকৰ ক’ৰ’নাৰ ফলাফল নিগেটিভ ওলায়।

যদিও সত্যপাল মালিকৰ ক’ৰ’না পৰীক্ষাৰ ফলাফল নিগেটিভ ওলায় তথাপি তেওঁ বৰ্তমান সময়ত চেল্ফ আইছ’লেশ্যনত আছে।

ৰাজ্যপালৰ সচিৱ প্ৰবীন বক্সিৰো ক’ৰ’না ফলাফল প’জিটিভ আহে।

ৰাজভৱনৰ ত্ৰিশ গৰাকী কৰ্মীৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পাছতে ৰাজভৱনত প্ৰৱেশ আৰু প্ৰস্থান পথ বন্ধ কৰি দিয়া হৈছে।

ক’ৰ’না প’জিটিভ হোৱা কৰ্মী সকলক বৰ্তমান সময়ত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

মেঘালয়তো ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ক্ৰমাগতভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাই ৰাজ্যখনৰ জনসাধাৰণক স্বাস্থ্য বিভাগে উল্লেখ কৰা স্বাস্থ্য সম্পৰ্কীয় বিধি সমূহ পালন কৰাৰ বাবে আহ্বান জনায়।