NORTHEAST NOW (Assamese)
অসম

আমেৰিকাত কৰা ক’ৰ’নাৰ পৰীক্ষাৰ বাবে নৰেন্দ্ৰ মোদীয়ে মোক প্ৰশংসা কৰিছে : ড’নাল্ড ট্ৰাম্প

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 14, 2020 3:16 pm
1a16s85_narendra-modi-donald-trump-pti_625x300_23_September_19 new

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক ক’ৰ’না ভাইৰাছৰ পৰীক্ষা সম্পন্ন কৰা সন্দৰ্ভত প্ৰশংসা কৰিছে বুলি উল্লেখ কৰে।

ক’ৰ’না সংকটকালত আমেৰিকাই ক’ৰ’নাৰ সংক্ৰমণ ৰোধৰ বাবে কৰা পৰীক্ষাৰ বাবেই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ট্ৰাম্পক প্ৰশংসা কৰে বুলি ট্ৰাম্পে দাবী কৰে।

”প্ৰধান মন্ত্ৰী মোদীয়ে কৈছে ক’ৰ’না টেষ্টিঙৰ ক্ষেত্ৰত তুমি যি কাৰ্য্য কৰিছা এয়া উল্লেখনীয়,” ট্ৰাম্পে এইদৰে উল্লেখ কৰে।

আনহাতে, মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰততকৈ অধিক ক’ৰ’নাৰ পৰীক্ষা কৰিছে বুলিও লগতে কয়।

”আমি ভাৰততকৈ আৰু বহু ডাঙৰ ডাঙৰ দেশে একেলগে কৰা ক’ৰ’নাৰ পৰীক্ষাতকৈ অধিক ক’ৰ’না পৰীক্ষা কৰিছো,” ট্ৰাম্পে কয়।

আমেৰিকাই ভাৰততকৈ বৰ্তমান সময়ত ৪৪ মিলিয়ন অধিক ক’ৰ’নাৰ পৰীক্ষা কৰিছে বুলিও ৰাষ্ট্ৰপতি ট্ৰাম্পে পুনৰ উল্লেখ কৰে।

ক’ৰ’নাৰ পৰীক্ষাৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰ প্ৰথম আৰু ভাৰত দ্বিতীয় স্থানত আছে বুলি ট্ৰাম্পে মত প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, সমগ্ৰ বিশ্বৰ ভিতৰত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত সৰ্বাধিক ক্ষতিগ্ৰস্ত দেশ দুখন হৈছে ক্ৰমে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰত।