NORTHEAST NOW (Assamese)
অসম

অভিনেতা অনিল কাপুৰক প্ৰশংসা অলিম্পিক পদক বিজয়ী দৌৰবিদ য়োহান ব্লেকৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 15, 2020 9:14 pm

জামাইকাৰ দুবাৰৰ অলিম্পিক পদক বিজয়ী দৌৰবিদ য়োহান ব্লেকে বলিউদৰ অভিনেতা অনিল কাপুৰক প্ৰশংসা কৰিছে।

বলিউদৰ অভিনেতা অনিল কাপুৰে সাগৰৰ পাৰত দৌৰাৰ এটা ভিডিঅ’ ইষ্টাগ্ৰামত শ্বেয়াৰ কৰাৰ পাছতে দুবাৰৰ অলিম্পিকৰ পদক বিজয়ী দৌৰবিদ গৰাকীয়ে অনিল কাপুৰক প্ৰশংসা কৰে।

৬৩ বছৰীয়া অভিনেতা গৰাকীয়ে ইষ্টাগ্ৰামত দৌৰৰ ভিডিঅ’ শ্বেয়াৰ কৰি লিখে ‘লুকিং গুড মাই ফ্ৰেইণ্ড।’

”ল’কডাউনৰ সময়ত মই সাগৰ তীৰৰ কথা ভাবি আছিলো……অৱশেষত মই সাগৰৰ তীৰ লাভ কৰিলো আৰু মোৰ প্ৰশিক্ষকে মোক দৌৰাৰ বাবে বাধ্য কৰালে….ফিটনেছ সদায় প্ৰথম,” অভিনেতা অনিল কাপুৰে লিখে।

উল্লেখযোগ্য যে, ৬৩ বছৰীয়া অভিনেতা গৰাকীয়ে এই বয়সতো কিদৰে নিজৰ শৰীৰ সযতনে ৰাখিছে সেয়া অন্য অভিনেতা-অভিনেত্ৰী সকলৰ বাবে চৰ্চাৰ বিষয় হৈ পৰিছে।

অনিল কাপুৰৰ জীয়ৰী সোনম কাপুৰেও বলিউদত ভালেকেইখন উল্লেখযোগ্য ছবিত অভিনয় কৰিছে।