NORTHEAST NOW (Assamese)
অসম

ভাৰতে ৰপ্তানি বন্ধ কৰাৰ পাছতে বাংলাদেশত ৫০ শতাংশ বৃদ্ধি পিয়াজৰ মূল্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 16, 2020 11:33 am

ভাৰত চৰকাৰে পিয়াজৰ ৰপ্তানি বন্ধ কৰাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ পাছতে বাংলাদেশত পিয়াজৰ মূল্য ৫০ শতাংশ বৃদ্ধি পাইছে।

সোমবাৰৰ পৰা ভাৰত চৰকাৰে পিয়াজকে ধৰি শাক-পাচলিৰ ৰপ্তানি অধিক হাৰত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে বাংলাদেশত অভাৱনীয়ভাৱে বৃদ্ধি পাই পিয়াজৰ মূল্য।

সোমবাৰৰ পৰা ঢাকাৰ বজাৰত পিয়াজৰ মূল্য প্ৰতি কিলোগ্ৰামত ৬০ টকাৰ পৰা বৃদ্ধি হৈ ৯০-১০০ টকা হয়।

ভাৰতৰ পৰা অহা বহু পিয়াজ ভৰ্তি ট্ৰাক বৰ্তমান সময়ত ভাৰত-বাংলাদেশ সীমান্তত আৱদ্ধ হৈ আছে বুলি বাংলাদেশৰ এগৰাকী ব্যৱসায়ীয়ে জনায়।

উল্লেখযোগ্য যে, বিগত বৰ্ষৰ দৰে চলিত বৰ্ষত ভাৰতত পিয়াজৰ অভাৱ নহ’বৰ বাবে ভাৰত চৰকাৰে এইবৰ্ষত আগতীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰি পিয়াজৰ ৰপ্তানি বন্ধ কৰিছে।

বিগত বৰ্ষত মহাৰাষ্ট্ৰত হোৱা প্ৰবল বানপানীৰ ফলত ভাৰতত পিয়াজৰ অভাৱ হৈছিল আৰু ভাৰতে তুৰ্কীৰ পৰা পিয়াজ আমদানি কৰিবলগীয়া হৈছিল।