NORTHEAST NOW (Assamese)
অসম

‘বলীউডত ২ মিনিটৰ অভিনয় কৰিবলৈও নায়িকা হ’ব লাগে নায়কৰ শয্যাসংগিনী’! কংগনাৰ মহা বিস্ফোৰণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 16, 2020 3:27 pm
newsinn

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাকলৈ কৰা কেইটামান টুইটৰ বাবেই শিৱসেনাৰ ৰোষত পৰা কংগনা ৰাণাৱটকলৈ এতিয়া বলীউডৰ শিল্পী সমাজ দুটা ভাগত বিভক্ত হৈ পৰিছে।

কোনোৱাই যদি কংগনাক সমালোচনা কৰিছে কোনোৱাই আকৌ অভিনেত্ৰীগৰাকীৰ কাষত থিয় দিছে।

এনে সময়তে সমাজবাদী পাৰ্টীৰ সাংসদ তথা অভিনেত্ৰী জয়া বচ্চনে কংগনাক সমালোচনা কৰি কৈছিল যে যিখন থালত খোৱা হয় সেই থাল খন ফুটা কৰিব নালাগে।

কংগনাই মুম্বাইক পাক অধিকৃত কাশ্মীৰৰ সৈতে ৰিজোৱাৰ বাবেই জয়া বচ্চনে এনেদৰে মন্তব্য কৰিছিল।

তেওঁ লগতে একাংশ শিল্পীয়ে বলীউডৰ গৰিমাত কালিমা সনা বুলিও অভিযোগ কৰিছিল।

জয়াৰ এনে মন্তব্যৰ পিছতে বলীউডৰ ভিতৰচ’ৰা সন্দৰ্ভত মহা বিস্ফোৰণ ঘটাইছে কংগনা ৰাণাৱটে।

বলীউডৰ গৰিমাৰ প্ৰসংগ উল্লেখ কৰি কংগনাই জয়া বচ্চনক এইবুলি উভতি ধৰিছে যে যি বলীউডত এটা ২ মিনিটৰ সাধাৰণ চৰিত্ৰত অভিনয় কৰিবলৈ নায়কৰ সৈতে নায়িকা শয্যাসংগিনী হ’ব লাগে সেই বলীউডৰ গৰিমাৰ কথা কৈ একো লাভ নাই।

কংগনাৰ এনে বিস্ফোৰণে এতিয়া বলীউডৰ বহু নৱাগতা নায়িকাক লাজত পেলোৱাৰ লগতে চিন্তাত পেলোৱাও দেখা গৈছে।

ফেমিনিজম কি সেয়া কংগনাই বলীউডক শিকাইছে বুলিও অভিনেত্ৰী গৰাকীয়ে টুইটাৰত উল্লেখ কৰে।

ইপিনে বলীউড এতিয়া ড্ৰাগছৰ নিচাত আচ্ছন্ন বুলি কংগনাই কৰা মন্তব্যত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অভিনেত্ৰী উৰ্মিলা মাটণ্ডকাৰে।

কংগনাক সমালোচনা কৰি উৰ্মিলাই কয় যে কংগনাই ভাঙৰ নিচাত বন্দী হৈ থকা হিমাচল প্ৰদেশৰ কথা নকয় কিয়?