NORTHEAST NOW (Assamese)
অসম

চেন্নাইত উত্তৰ-পূবৰ যুৱতীক দুৰ্ব্যৱহাৰ কৰা ঘটনাত দুজনক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী : November 28, 2017 7:14 am

যোৱা ২৩ নবেম্বৰত চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু চেন্নাই এফ চি ৰ মাজত অনুষ্ঠিত হোৱা আই এছ এলৰ খেলখনত কেইজনমান যুৱকৰ হাতত উত্তৰ-পূবৰ যুৱতী অপমানিত হোৱা ঘটনাত সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। কিছু সংখ্যকে ঘটনাটো মোবাইলৰ কেমেৰাৰে বন্দী কৰি ৰাখিছিল আৰু ছ’চিয়েল মেডিয়াত এইটো ভিডিঅ’ ভাইৰেল হৈছিল। ঘটনাটোৰ সন্দৰ্ভত বলিউডৰ তাৰকা তথা নৰ্থ-ইষ্ট য়ুনাইটেডৰ স্বত্বাধিকাৰ জন আব্ৰাহামেও দুখ প্ৰকাশ কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল। ঘটনাটোৰ শেহতীয়া প্ৰতিক্ৰিয়াস্বৰূপে ভাইৰেল হোৱা ভিডিঅ’ৰ ওপৰত ভিত্তি কৰি কালি চেন্নাই আৰক্ষীয়ে ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। আটক হোৱা যুৱক দুজন ক্ৰমে বিজয় আৰু কাৰ্তিক বুলি জানিব পৰা গৈছে। বৰ্তমান এই দুজন অভিযুক্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।