NORTHEAST NOW (Assamese)
অসম

সিংহাসনত অধিষ্ঠিত হোৱাৰ পূৰ্বে সামৰিক প্ৰশিক্ষণত ব্যস্ত কোন এই ৰাজকুমাৰী?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 17, 2020 5:05 pm
princess-elisabeth-starts-military-training

বৰ্তমান পূৰ্ণোদ্যমে সামৰিক প্ৰশিক্ষণত ব্যস্ত তেওঁ। সিংহাসনৰ পৰৱৰ্তী উত্তৰাধিকাৰী হিচাপে নিৰ্বাচিত এই ৰাজকুমাৰীগৰাকী হৈছে বেলজিয়ামৰ এলিজাবেথ থেৰেজিয়া মাৰিয়া হেলেনা।

দুগৰাকী ভাতৃ আৰু দুগৰাকী ভগ্নীৰ মাজত আটাইতকৈ জ্যেষ্ঠ হৈছে এলিজাবেথ।

সিংহাসনত অধিষ্ঠিত হোৱাৰ বাবে নিজকে যোগ্য কৰি তুলিবলৈ তেওঁ সামৰিক প্ৰশিক্ষণ আৰম্ভ কৰিছে।

ব্ৰাছেলছৰ ৰয়েল মিলিটাৰী স্কুলত সামৰিক প্ৰশিক্ষণ আৰম্ভ কৰি দিছে এলিজাবেথে।

প্ৰশিক্ষণৰ সময়ছোৱাত তেওঁক ৰাষ্ট্ৰৰ সামৰিক বাহিনীৰ বিষয়ে ব্যৱহাৰিক তথা তাত্বিক শিক্ষা প্ৰদান কৰা হ’ব।

তেওঁৰ পিতৃ বৰ্তমানৰ সম্ৰাট ফিলিপেও ইয়াৰ পৰাই সামৰিক প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।

বৰ্তমান এলিজাবেথক সামৰিক প্ৰশিক্ষণৰ সময়ছোৱাত বিভিন্ন শাৰীৰিক অনুশীলনত ব্যস্ত থকা দেখা গৈছে।

একাডেমীখনে প্ৰকাশ কৰা কিছুমান ছবিত এলিজাবেথক শাৰীৰিক অনুশীলনত ব্যস্ত থকা দেখা গৈছে।

এলিজাবেথে আনকি অস্ত্ৰ চালনাৰ প্ৰশিক্ষণো গ্ৰহণ কৰিছে। প্ৰশিক্ষণৰ সময়ত অত্যাধুনিক অস্ত্ৰ হাতত লৈ থকা ছবিত দেখা গৈছে বেলজিয়ামৰ ভৱিষ্যতৰ ৰাণী গৰাকীক।

এলিজাবেথ দেশখনত এগৰাকী নাৰী হিচাপে সিংহাসনত আৰোহন কৰাৰ ইতিহাস গঢ়িবলৈ আগবাঢ়িছে।

বেলজিয়ামত ১৯৯১চনত প্ৰস্তুত কৰা এখন আইন অনুসৰি নাৰীক ৰাণী হোৱাৰ সুযোগ দিয়া হৈছে। সেয়েহে, ভাতৃসকল সৰু হোৱাৰ বাবে এলিজাবেথেই হ’ব দেশখনৰ পৰৱৰ্তী ৰাণী।