NORTHEAST NOW (Assamese)
অসম

স্বাধীনতাৰ ৭০ বছৰ পিছতো বাট-পথৰ মুখ নেদেখিলে মাজুলীৰ সীমান্তৱৰ্তী লোহিত খাৱলুবসীয়ে

Posted by: মিটু খাটনিয়াৰ August 29, 2018 6:49 pm
Majuli

দেশ স্বাধীন হোৱাৰ আজি ৭০ বছৰ পাৰ হৈ যোৱাৰ পিছতো কোনো চৰকাৰী উন্নয়ণমূলক আঁচনিৰ মুখ নেদেখিলে লক্ষিমপুৰ জিলাৰ অন্তৰ্গত মাজুলীৰ সীমান্তৱৰ্তী লোহিত খাৱলু অঞ্চলৰ দূৰ্ভগীয়া ৰাইজে। আজিও আদিম যুগৰ দৰেই বসবাস কৰিব লগা হৈছে অঞ্চলটোৰ ৩৫খন গাঁৱৰ লোকে।

নাই যাতায়তী ব্যৱস্থা, নাই চিকিৎসা ব্যৱস্থা। যাৰ বাবে অঞ্চলবাসীয়ে অভাৱনীয় সমস্যাৰ সন্মুখীন হৈ আহিব লগীয়া হৈছে। আনকি পথৰ ওপৰতেই প্ৰসূতিৰ প্ৰসৱ হোৱাৰ দৰে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে থালা অথবা চাইকেলৰ ফ্ৰেমত বহুৱাই মূমূৰ্ষ ৰোগীক দূৰণিৰ চিকিৎসালয়লৈ আনিব লগা হয়।

উল্লেখযোগ্য পথ বুলিবলৈ একো নথকাত উপায়ান্তৰ হৈ লোহিত খাৱলু অঞ্চলৰ গাঁওবাসীয়ে হাবি কাটি পথ নিৰ্মাণৰ বাবে ওলাই আহিছে। দুৰ্গম যাতায়াতৰ বাবে ৩৫ খন গাঁৱৰ ৰাইজে হাবি-বন কাটি বাট উলিয়াব লগা হৈছে।

ৰাইজে অভিযোগ কৰা মতে, বিভিন্ন সময়ত বিভাগীয় কৰ্তৃপক্ষক আৱেদন নিবেদন কৰাৰ পিছতো কৰ্তৃপক্ষই কোনা গুৰুত্ব নিদিয়াত গাঁৱৰ ৰাইজে নিজে হাতে হাতে দা-কোৰ লৈ পথ নিৰ্মাণত লাগি গৈছে। উল্লেখযোগ্য যে মাজুলী আৰু লখিমপুৰ জিলাৰ সীমান্ত হোৱাৰ বাবেই লুইত খাৱলোৰ ৩৫খন গাঁৱৰ জনসাধাৰনক আজি পৰ্যন্ত চৰকাৰৰ কোনা আঁচনিয়ে স্পৰ্শ নকৰিলে বুলি অঞ্চলবাসীয়ে আক্ষেপ কৰিছে।