NORTHEAST NOW (Assamese)
অসম

প্লাজমা বিজ্ঞানী ড০ সৰ্বেশ্বৰ বুজৰবৰুৱালৈ ৰাজ্য চৰকাৰৰ ‘জীৱনজোৰা সাধনা বঁটা’

Posted by: এন ই নাও নিউজ March 7, 2018 8:00 am
Dr Sarbeswar Bujarbarua

অসম চৰকাৰৰ ২০১৮ বৰ্ষৰ ৰাজ্যিক বিজ্ঞান বঁটাৰ অধীনত ‘জীৱনজোৰা সাধনা বঁটা’ৰ বাবে নিৰ্বাচিত হৈছে প্লাজমা বিজ্ঞানী ড০ সৰ্বেশ্বৰ বুজৰবৰুৱা ।

স্মৰ্তব্য যে আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিশিষ্ট প্লাজমা বিজ্ঞানী, উত্তৰ-পূবত প্লাজমা গৱেষণাৰ বাটকটীয়া তথা ভাৰত চৰকাৰৰ অধীনৰ সোণাপুৰস্থিত চেণ্টাৰ অব প্লাজমা ফিজিক্সৰ প্ৰতিষ্ঠাপক সঞ্চালক অধ্যাপক ৰূপে বৰ্তমান চিৰ পৰিচিত ড০ সৰ্বেশ্বৰ বুজৰবৰুৱা ।

বুজৰবৰুৱাদেৱৰ প্ৰচেষ্টাত অসম চৰকাৰে স্থাপন কৰা চেণ্টাৰ অব প্লাজমা ফিজিক্স নামৰ গৱেষণা প্ৰতিষ্ঠানটো পাছলৈ তেওঁৰে অদম্য প্ৰচেষ্টাত ভাৰত চৰকাৰৰ পাৰমাণৱিক শক্তি বিভাগৰ অধীনলৈ আহে।

উল্লেখযোগ্য যে নিজৰ জন্ম ঠাইতে থাকি সমগ্ৰ ভাৰত তথা বিশ্বৰ বিজ্ঞান জগতৰ বাবে কাম কৰা ড০ বুজৰবৰুৱাই জাৰ্মানিৰ RUHR বিশ্ববিদ্যালয়ৰ পৰা প’ষ্ট ডক্টৰেল গৱেষণা সম্পন্ন কৰিছিল।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম ডক্টৰ অব ছায়েন্স কৰা প্লাজমা বিজ্ঞানী ড০ সৰ্বেশ্বৰ বুজৰবৰুৱা বিক্ৰম ছাৰাভাই ৰাষ্ট্ৰীয় বঁটা আৰু কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা পোৱা প্ৰথম অসমীয়া। তেওঁ প্লাজমা ছায়েন্স ছ’চাইটি অব ইণ্ডিয়াৰো সভাপতি আছিল।

সৰ্বপ্ৰথমে ড০ বুজৰবৰুৱাই অতি উচ্চ পৰ্যায়ৰ প্লাজমা গৱেষণা আৰম্ভ কৰিছিল  বৰ্তমান ভাৰত চৰকাৰৰ অধীনলৈ অহা আন এটা গৱেষণা প্ৰতিষ্ঠান গুৱাহাটীৰ ইনষ্টিটিউট অব এডভান্সড ষ্টাডি ইন ছায়েন্স এণ্ড টেকন’লজিত(আই এ এছ এছ টি)।

মন কৰিবলগীয়া যে ড০ বুজৰবৰুৱাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্থায়ী প্ৰৱক্তা পদৰ চাকৰি এৰি অস্থায়ী পদত যোগদান কৰিছিল আই এ এছ এছ টিত। উত্তৰ-পূবত উচ্চ স্তৰৰ প্লাজমা গৱেষণা প্ৰচাৰ আৰু প্ৰসাৰৰ বাবেই তেওঁ বিশ্ববিদ্যালয়ৰ চাকৰি এৰিছিল।

অসম চৰকাৰে প্ৰদান কৰিবলগীয়া এই বঁটাত ডেৰ লাখ টকাৰ লগতে সম্বৰ্ধনা-পত্ৰ আৰু এটি স্মাৰক চিহ্ন আছে।

এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে গুৱাহাটীৰ নেডফি কনভেনশ্যন চেণ্টাৰত অনুষ্ঠিত হ’বলগীয়া বঁটা প্ৰদান অনুষ্ঠানত অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই বঁটাটি প্ৰদান কৰিব।

ইফালে এই অনুষ্ঠানতে ড০ অৰুণ জ্যোতি বৰা, প’ষ্ট ডক্টৰেল ফেল’, নেনজিং বিশ্ববিদ্যালয়, চীনদেশ আৰু অসম বিজ্ঞান সমিতিক ক্ৰমে ‘যুৱ বিজ্ঞানী বঁটা’ আৰু ‘বিজ্ঞান জনপ্ৰিয়কৰণ বঁটা’ প্ৰদান কৰা হ’ব। এই দুয়োটা বঁটাতে এক লাখ টকাৰ লগতে স্মাৰক-পত্ৰ আৰু স্মাৰক চিহ্ন থাকিব।