NORTHEAST NOW (Assamese)
অসম

দৰ্শনাৰ্থীয়ে পেলাই যোৱা পেলনীয়া আৱৰ্জনা ডাকযোগে ঘৰলৈ পঠিয়াই দিব থাইলেণ্ড চৰকাৰে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 19, 2020 12:31 pm
WhatsApp Image 2020-09-19 at 12.00.36 PM

থাইলেণ্ড চৰকাৰে গ্ৰহণ কৰিছে পৰিৱেশ ৰক্ষাৰ এক ব্যতিক্ৰমী পদক্ষেপ।

থাইলেণ্ডৰ নেশ্যনেল পাৰ্কত ভ্ৰমণ কৰিবলৈ গৈ পেলনীয়া আৱৰ্জনা পেলাই আহিলে সেয়া ডাকযোগে ঘৰলৈ পঠিয়াব চৰকাৰে।

প্ৰকৃতিৰ সান্নিধ্য বিচাৰি গৈ পৰিৱেশ বিনষ্ট কৰা বিষয়টো বিবেচনা কৰিবলৈ সোঁৱৰাই দিবলৈকে এনে ব্যৱস্থা গ্ৰহণ কৰিছে।

বাতৰি অনুসৰি, দেশখনৰ পৰিৱেশ দপ্তৰৰ মন্ত্ৰীয়ে স্পষ্ট কৰি দিছে যে বেংককৰ ওচৰৰ জনপ্ৰিয় খাও ইয়াই ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই শীঘ্ৰেই এনেদৰে উদ্যানৰ পৰিৱেশ বিনষ্টকাৰীসকলৰ ঘৰলৈ তেওঁলোকে পেলাই অহা আৱৰ্জনা পঠিয়াবলৈ আৰম্ভ কৰিব।

সেইদৰে, অপৰাধী হিচাপে তেওঁলোকৰ নামো আৰক্ষীৰ ডায়েৰীত সন্নিৱিষ্ট হ’ব।

উদ্যানখনলৈ অহা দৰ্শনাৰ্থীসকলে ঠিকনা দি পঞ্জীয়ন কৰিব লাগিব যাতে তেওঁলোকে পেলাই থৈ অহা আৱৰ্জনা ঘুৰাই পঠিয়াই দিয়াত সুবিধা হয়।

এনেধৰণে সংগ্ৰহ কৰা আৱৰ্জনা পাৰ্ছেল কৰাৰ বাবে সাজু কৰি ইয়াৰ কিছুমান ছবি দেশখনৰ পৰিৱেশ বিভাগৰ মন্ত্ৰী ভাৰায়ুত ছিল্পা-আৰচাই ফেচবুকত প’ষ্ট কৰিছে।

প’ষ্টটোত লগতে লিখিছে যে আপোনালোকৰ আৱৰ্জনা আমি আপোনালোকৰ ওচৰলৈ ঘুৰাই পঠিয়াই দিম।

সেই প’ষ্টটোৰ ছবিখনত দেখা গৈছে কিছুমান খালী প্লাষ্টিকৰ বটল, কেন, চিপছৰ এটি টোপোলা পেকেট কৰি পাৰ্ছেলৰ বাবে সাজু কৰা হৈছে।

উদ্যান কৰ্তৃপক্ষই জনায় যে পেলাই যোৱা এইবোৰ আৱৰ্জনা উদ্যানখনৰ বন্যপ্ৰাণীসকলৰ বাবেও বিপদজনককিয়নো সিঁহতে এইবোৰ খাৱলৈ বিচাৰে।