NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত আজি কিমান লোক ক’ভিডত আক্ৰান্ত হ’ল; মৃত্যুৰ সংখ্যা কিমান?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 29, 2021 9:21 pm
Covid-test-image

ৰাজ্যত ক’ভিড সংক্ৰমণৰ ঘটনা যোৱা কেইদিনৰ দৰে প্ৰায় একেই আছে। কোভিড পজিটিভিটিৰ হাৰ ২ শতাংশৰ ওপৰতে আছে।

পজিটিভিটিৰ হাৰ পূৰ্বৰ দিনৰ তুলনাত আজি আৰু বৃদ্ধি পাইছে।

আজিৰ দিনটোত ৰাজ্যখনত কোভিডত ২৭ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। সোমবাৰে ৰাজ্যখনত ৪২জন লোকৰ মৃত্যু হৈছিল।

বিগত ২৪ ঘণ্টাত ৰাজ্যত কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে ২৬৭২ গৰাকী লোক। এই সময়ছোৱাত ১,০১,২২২ টা কোভিড পৰীক্ষা সম্পন্ন কৰা হয়।

কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ১৪৯ গৰাকী লোক ।

কোভিড পজিটিভিটিৰ হাৰ হৈছে ২.৬৪ শতাংশ। এই সময়ছোৱাত সুস্থতাৰ হাৰ হৈছে ৯৩.৭৭ শতাংশ।

ৰাজ্যখনত পুনৰ ক’ভিড পজিটিভিটিৰ হাৰ বৃদ্ধি পোৱালৈ চাই ক’ভিড পৰিস্থিতি এতিয়াও উদ্বেগমুক্ত বুলি ক’ব নোৱাৰি।

ৰাজ্যৰ ক’ভিড পৰিস্থিতি সামগ্ৰিকভাবে উন্নতি ঘটাৰ বাবে ৰাজ্য চৰকাৰে সোমবাৰৰে পৰা এসপ্তাহলৈ কাৰ্যকৰী হোৱাকৈ নতুন ক’ভিড নিৰ্দেশনা জাৰি কৰিছে।

SOP ত উল্লেখ থকা অনুসৰি কামৰূপ মহানগৰ, দক্ষিণ শালমাৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, চৰাইদেউ আৰু হাইলাকান্দিত সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন জাৰি কৰা হৈছে।

এই জিলাসমূহত ৪ বজালৈ খোলা থাকিব দোকান পোহাৰ, চৰকাৰী বেচৰকাৰী কাৰ্যালয়বোৰ, হোটেল, ৰেষ্টুৰেণ্ট আদি।

আনহাতে মৰিগাঁও, বিশ্বনাথ, গোৱালপাৰা, লগতে বোকাখাত মহকুমাত সম্পূৰ্ণ লকডাউন দিয়া হৈছে।

এই লকডাউন দিয়া জিলা কেইখনত জৰুৰীকালীন সেৱা, অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান, গাখীৰ, পানী, ঔষধ আদি সন্ধিয়া ৫ বজালৈ খোলা থকাৰ বাহিৰে চৰকাৰী-বে-চৰকাৰী কাৰ্য্যালয়, বিপনী সকলো বন্ধ।

ধুবুৰী, কোকৰাঝাৰ, বৰপেটা, নলবাৰী, বাক্সা, বজালী, কামৰূপ গ্ৰাম্য, দৰং, শোণিতপুৰ, নগাঁও, হোজাই, গোলাঘাট, সৰুপথাৰ, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, লখিমপুৰ, ধেমাজি, কাছাৰ, কৰিমগঞ্জ, কাৰ্বি আংলং আৰু ডিব্ৰুগড় জিলাত বিয়লি ২ বজাৰ পৰা পুৱা ৫ বজালৈ থাকিব সান্ধ্য আইন।

এই জিলাসমূহত ১ বজালৈহে খোলা ৰাখিব পাৰিব দোকান পোহাৰ।