কাৰ্ফিউ অমান্যকাৰীৰ বিৰুদ্ধে কঠোৰ নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ

কাৰ্ফিউ অমান্যকাৰীৰ বিৰুদ্ধে কঠোৰ নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ।
কলিয়াবৰত উপস্থিত হৈ আৰক্ষী অধীক্ষকজনে কলিয়াবৰ আৰক্ষী থানাৰ লগতে জখলাবন্ধা আৰক্ষী থানাৰ কাম-কাজৰ বুজ লোৱাৰ লগতে আইন-শৃংখলাৰ তদাৰক কৰে।
কলিয়াবৰ আৰক্ষী থানাত আৰক্ষী অধীক্ষকগৰাকীয়ে নিজে কিছু সময় থাকি আইন-শৃংখলা তদাৰক কৰাৰ লগতে কোভিড প্ৰট’কল ভংগ¸কাৰ্ফিউ অমান্যকাৰী একাংশক জৰিমনা বিহে।
উল্লেখ্য যে¸ মঙলবাৰৰ দিনটোত সন্ধ্যা পর্যন্ত কাৰ্ফিউ অমান্য কৰি বাইক লৈ ওলাই অহা ১৭ খনকৈ বাইক জব্দ কৰাৰ লগতে ৪ খনকৈ বাইকৰ গৰাকীক জৰিমনা বিহে কলিয়াবৰ আৰক্ষী থানাই।
কোভিড পৰিস্থিতি ৰোধ কৰাৰ বাবেই এতিয়া কঠোৰ হৈ পৰিছে কলিয়াবৰ আৰক্ষী।