NORTHEAST NOW (Assamese)
অসম

কংগ্ৰেছৰ পৰা বিধায়ক ৰাজদ্বীপ গোৱলা আৰু ৰুমী নাথক বহিস্কাৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া October 9, 2020 7:18 pm

কংগ্ৰেছৰ বিধায়ক ৰাজদ্বীপ গোৱলা আৰু প্ৰাক্তন বিধায়িকা ৰুমী নাথক কংগ্ৰেছৰ পৰা বহিস্কাৰ কৰা হৈছে।

দল বিৰোধী কাৰ্যত লিপ্ত থকাৰ অভিযোগত দুয়ো গৰাকী নেতাক কংগ্ৰেছ দলৰ পৰা বহিস্কাৰ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই।

আজি এক প্ৰেছ বিবৃতি যোগে ৰিপুন বৰাই এই কথা ৰাজহুৱা কৰে।

ৰাজদ্বীপ গোৱলা লখিমপুৰ সমষ্টিৰ বিধায়ক হোৱাৰ বিপৰীতে বৰখলা সমষ্টিৰ প্ৰাক্তন বিধায়িকা আছিল ৰুমী নাথ।

দুয়োগৰাকী কংগ্ৰেছ নেতাক ৬ বছৰলৈ কংগ্ৰেছ দলৰ পৰা বহিস্কাৰ কৰে সভাপতি ৰিপুন বৰাই।

 

প্ৰাথমিক সদস্য পদৰ পৰা বহিস্কাৰ কৰা হৈছে ৰাজদ্বীপ গোৱলা আৰু ৰুমী নাথক।

বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে. কংগ্ৰেছত থাকিলেও দুয়ো বিজেপিৰ লগত গোপনে মিতিৰালী কৰাৰ অভিযোগ উত্থাপন হৈ আহিছিল দীৰ্ঘদিনৰ পৰা।

উল্লেখযোগ্য যে, হিমন্ত বিশ্ব শৰ্মাই চলিত বৰ্ষৰ মাৰ্চ মাহতে ৰাজদ্বীপ গোৱালাই বিজেপিত যোগদান কৰিব বুলি মন্তব্য কৰিছিল।

ৰিপুন বৰাই হিমন্তৰ মন্তব্যক খণ্ডন কৰি সেয়া অপপ্ৰচাৰ বুলি উল্লেখ কৰিলেও বৰ্তমান সময়ত হিমন্ত বিশ্ব শৰ্মাৰ কথাই সত্য হোৱাৰ পথত আগবাঢ়িছে।