NORTHEAST NOW (Assamese)
অসম

ভাৰতৰ পাছত পাকিস্তানেও দেশত নিষিদ্ধ কৰিলে চীনা এপ টিকটক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 9, 2020 7:29 pm
tiktok-1140x570

ভাৰতৰ পাছত পাকিস্তানতো বন্ধ হ’ল জনপ্ৰিয় ভিডিঅ’ শ্বেয়াৰিং এপ টিকটক।

পাকিস্তান টেলিকমিউনিকেশ্যন কৰ্তৃপক্ষই বিতৰ্কিত আৰু অৰুচিকৰ বিষয়বস্তুৰ বাবেই চীনা ভিডিঅ’ শ্বেয়াৰিং এপটোক দেশখনত নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ইয়াৰ পূৰ্বেও পাকিস্তান টেলিকমিউনিকেশ্যন কৰ্তৃপক্ষই টিকটকক এই সম্পৰ্কে সকীয়নি প্ৰদান কৰিছিল যদিও টিকটিকে পাকিস্তান টেলিকমিউনিকেশ্যন কৰ্তৃপক্ষৰ সকীয়নিক গুৰুত্ব প্ৰদান কৰা নাছিল।

উল্লেখযোগ্য যে, ভাৰত আৰু চীনৰ মাজত লাডাখত উত্তেজনাময় পৰিস্থিতিয়ে বিৰাজ কৰি থকাৰ সময়তে ভাৰতে টিকটককে ধৰি বহুকেইটা চীনা এপক ভাৰতত নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

ভাৰত আৰু পাকিস্তানৰ উপৰিও আমেৰিকা যুক্তৰাষ্ট্ৰয়ো টিকটকক নিষিদ্ধ কৰাৰ ক্ষেত্ৰত চিন্তা চৰ্চা কৰি আছে বুলি মত প্ৰকাশ কৰিছিল।

ভাৰতৰ পাছত পাকিস্তানেও মিত্ৰ ৰাষ্ট্ৰ চীনৰ টিকটকক দেশখনত নিষিদ্ধ কৰা পদক্ষেপে যথেষ্ট তাৎপৰ্য্য বহন কৰিছে।