NORTHEAST NOW (Assamese)
অসম

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই বিশেষ তৎপৰতা আৰক্ষী নিযুক্তি বোৰ্ডৰ; CID ত গোচৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 20, 2020 8:09 pm
Assam-police-01 (1)

আৰক্ষী উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ লগত জড়িত অপৰাধীক শীঘ্ৰে কৰায়ত্ত কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী সঞ্চালক প্ৰধানক নতুন দিল্লীৰ পৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কঠোৰ নিৰ্দেশ দিছে।

এই নিৰ্দেশৰ পাছতেই বিশেষ তৎপৰতা দেখুৱাইছে আৰক্ষী নিযুক্তি বোৰ্ডে।

হোৱেটছএপযোগে লিখিত পৰীক্ষাৰ প্ৰশ্ন কাতত ফাদিলৰ পাছতেই বিষয়টোৰ সন্দৰ্ভত এক আলোচনাত মিলিত হৈছিল অসম আৰক্ষীৰ সঞ্চালক প্ৰধান আৰু বিশেষ শাখাৰ আৰক্ষী মহা পৰিদৰ্শক।

তাৰ পাছতেই চিআইডিৰ অসম শাখাত গোচৰ ৰুজু কৰি দুস্কৃতিকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ তথা তদন্ত কৰিবলৈ আহ্বান জনাইছে অসম আৰক্ষী নিযুক্তি বোৰ্ডে।

এক জাননীযোগে এই কথা জনাইছে বোৰ্ডৰ অধ্যক্ষ প্ৰদীপ কুমাৰে।

উক্ত নিৰ্দেশনাৰ জৰিয়তেই অহা এমাহৰ ভিতৰত পুনৰবাৰ লিখিত পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা জনায় প্ৰদীপ কুমাৰে।

বৰ্তমানলৈকে নিশ্চিত কৰা নাই পৰীক্ষাৰ তাৰিখ। এই পৰীক্ষা সম্পূৰ্ণ বিনামূলীয়া হ’ব আৰু আবেদনকাৰীসকলক তেওঁলোকৰ প্ৰস্তুতি চলাই যাবলৈ আহ্বান জনায় প্ৰদীপ কুমাৰে।

ৰাজ্যৰ মুঠ ১৫৪ টা কেন্দ্ৰত আজি ১২ বজাৰ পৰা ৩ বজালৈ পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল।

যোৱা বৰ্ষৰ ১১ ছেপ্তেম্বৰত এই লিখিত পৰীক্ষাৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছিল তথা প্ৰায় ৬৪ হাজাৰ প্ৰাৰ্থীয়ে আবেদন জনাইছিল।

উল্লেখযোগ্য যে, এই নিযুক্তি প্ৰক্ৰিয়া ব্যৰ্থ কৰাৰ বাবে ষড়যন্ত্ৰত লিপ্ত হোৱা চক্ৰটোকো শীঘ্ৰে চিনাক্ত কৰিবলৈ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ দিয়ে।