NORTHEAST NOW (Assamese)
অসম

২১ত ৰহা সমষ্টিত পিযুষ হাজৰিকা বা পত্নী আৰু ডিম্বেশ্বৰ দাস কোনো ফেক্টৰেই নহয় : ৰুবুল দাস

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 20, 2020 8:57 pm
Piyush VS Rubul Das

‘অতি স্পষ্ট কথা যে ২১ ত ৰহা সমষ্টিত পিযুষ হাজৰিকা বা পত্নী আৰু ডিম্বেশ্বৰ দাস কোনো ফেক্টৰেই নহয়। এইকেই গৰাকী লোকে ৰহাত এইবাৰ পৰাজয় বৰণ কৰিবই।‘ ৰহা সমষ্টিৰ পৰা বিজেপি চৰকাৰৰ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকা বা পত্নী আইমী বৰুৱাই প্ৰতিদ্বন্দিতা কৰিব বুলি চৰ্চা চলি থকাৰ মাজতে এনেদৰে কটাক্ষ ৭০ সংগঠনৰ অন্যতম নেতা তথা অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসে।

উল্লেখযোগ্য যে, ৰহা সমষ্টিৰ ৭০ সংগঠনৰ প্ৰস্তাৱিত ৰাজনৈতিক দলৰ সাম্ভাৱ্য প্ৰাৰ্থী ৰুবুল দাস।

নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত দাসে আৰু কয় ‘মহাজোটবন্ধনৰ যিহেতু চৰ্চা চলি আছে গতিকে কংগ্ৰেছ-এআইয়ুডিএফ একত্ৰিত হ’লে সেই দলৰ লগতহে অন্য ৰাজনৈতিক দলৰ প্ৰতিদ্বন্দিতা হ’ব। বিজেপি ফেক্টৰেই নহয়।’

তেওঁ লগতে মন্ত্ৰী পিযুষ হাজৰিকাক কটাক্ষ কৰি কয় ‘পীযুষ হাজৰিকা ৰহাৰ পৰা খেদা খোৱা বিধায়ক। যি দিনাই পীয়ুষ হাজৰিকাই অনুসূচিত জাতিৰ উন্নতিৰ কথা ক’ব সেইদিনাই আৰ এছ এছ য়ে বিজেপিৰ পৰাও খেদিব। হিমন্তৰ আজ্ঞাবাহী ভৃত্য পীযুষ হাজৰিকা আমাৰ জাতিৰ কলংকহে।‘

‘যদি চৰ্চা চলা মতে পীযুষ হাজৰিকাৰ পত্নীয়ে প্ৰতিদ্বন্দিতা কৰে, তেন্তে তেওঁৰ ধুনীয়া মুখখন আৰু ৰহাৰ ৰাইজে চাব নিবিচাৰে।‘ ৰুবুল দাসে এইদৰে কয়।

তাৰোপৰি, দাসে বৰ্তমানৰ ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাসকো কটাক্ষ কৰে।

দাসৰ মতে ‘ৰহা সমষ্টিৰ বৰ্তমানৰ বিধায়ক সাহিত্য সভাৰ পইচা খোৱা ডিম্বেশ্বৰ দাসে যোৱা চাৰে চাৰিটা বছৰে কেৱল কমিশ্যনহে সংগ্ৰহ কৰিলে। এওঁক এতিয়া সমষ্টিবাসীয়ে চিৰদিনলৈ বিদায় দিবলৈহে অপেক্ষা কৰি আছে।‘

‘এই পীয়ুষ হাজৰিকা আৰু ডিম্বেশ্বৰ দাসে নেতৃত্ব লৈ হিমন্তৰ চৰণত ৰহাবাসী ৰাইজৰ মান সন্মান সকলো জলাঞ্জলি দি ৰহাত স্থাপন হ’বলগীয়া এইমছখন জালুকবাৰীলৈ পঠিয়াই দিছিল। শাসনলৈ আহিয়েই দুটা মাহৰ ভিতৰতে মিণ্টু দেউৰী নামৰ এজন চফল জনজাতীয় যুৱকক আন্দোলন দমনৰ নামত হত্যা কৰিছিল এই বিজেপি চৰকাৰে। গতিকে কোনো কাৰণতেই ৰহা সমষ্টিৰ ৰাইজে বিজেপিক ক্ষমা নকৰে।‘ দাসে দাবী কৰি কয়।