NORTHEAST NOW (Assamese)
Popular Stories

২০২১ত অস্কাৰ বঁটা লাভ কৰিব বলিউদৰ মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 20, 2020 9:06 pm
index.jpgl

বলিউদৰ মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই আগন্তুক বৰ্ষত বিশ্ব চলচ্চিত্ৰৰ আটাইতকৈ সন্মানীয় অকাডেমি বঁটা লাভ কৰিব।

এই দাবী কৰিছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ভেৰাইটি নামৰ অনলাইন এটা সংবাদ সংস্থাই।

সংস্থাটোৰ মতে ভৰাতীয় অভিনেত্ৰী গৰাকীয়ে ২০২১ বৰ্ষৰ শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ অস্কাৰ বঁটা লাভ কৰিব।

দ্য হোৱাইট টাইগাৰ(The White Tiger) নামৰ ছবিখনত কৰা অভিনয়ে বাবে প্ৰিয়ংকা চোপ্ৰাই আগন্তুক বৰ্ষত শ্ৰেষ্ঠ সহ অভিনেত্ৰী অস্কাৰ বঁটাৰ বাবে মনোনীত হোৱাৰ লগতে সন্মানীয় অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হ’ব বুলি দাবী কৰিছে সংস্থাটোৱে।

ৰামিন বাহ্ৰানীয়ে পৰিচালনা কৰা দ্য হোৱাইট টাইগাৰত ৰাজকুমাৰ ৰাও আৰু আদৰ্শ গৌৰৱো অভিনয় কৰিছে।

অৱশ্যে বিশ্বত অব্যাহত থকা ক’ৰ’ণা সন্ত্ৰাসৰ বাবে এতিয়াও ছবিখন মুক্তি লাভ কৰা নাই।

খুব কম সময়তে নেটফ্লিক্সত মুক্তি লাভ কৰাৰ কথা দ্য হোৱাইট টাইগাৰ-এ।

মাৰ্কিন সংস্থাটোৰ মতে প্ৰিয়ংকাই আসন্ন অস্কাৰৰ দৌৰত ডাৰ্কছ হৰ্ছ হৈ ধৰা দিব।