NORTHEAST NOW (Assamese)
অসম

দুদিনীয়া কাৰ্যসূচীৰে লিডুত অনুষ্ঠিত কৰা হ’ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭২ সংখ্যক জন্মোৎসৱ

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ September 21, 2020 2:04 pm
sankar

অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭২সংখ্যক জন্মোৎসৱ ভাগি বিগত বৰ্ষসমূহৰ দৰে এইবাৰো লিডু কেন্দ্ৰীয় নামঘৰত অহা ২৫ আৰু ২৬ ছেপ্তেম্বৰ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে উদযাপনৰ প্ৰস্ততি চলোৱা হৈছে।

ইতিমধ্যে ৰাণাজ্যোতি নেওগক সভাপতি, দিপক চেতিয়াক কাৰ্যকৰী সভাপতি, ধীৰাজ সোণোৱালক মুখ্য সাধাৰণ সম্পাদক, মনোজ ফুকন আৰু সঞ্জীৱ চেতিয়াক সাধাৰণ সম্পাদক, উৎপল কোঁৱৰ আৰু নৱজিৎ কোৱঁৰক সাংস্কৃতিক সম্পাদক  হিচাপে লৈ এখন উদযাপন সমিতি গঠন কৰা হৈছে।

কাৰ্যসূচী অনুসৰি প্ৰথমদিনা পুৱা ৪ বজাত ডম্বৰুধৰ নেওগৰ পৰিচালনাত ঊষা কীৰ্তন পুৱা ৭ বজাত পুষ্প গগৈৰ পৰিচালনাত পুৱা প্ৰসংগ পুৱা ৮ বজাত চিত্ৰাংকন, ৰচনা প্ৰতিযোগিতাৰ পাছতে পুৱা ৮:৩০ বজাত ধৰ্মধ্বজা উত্তোলন কৰিব সভাপতি ৰাণাজ্যোতি নেওগে।

তাৰ পাছতে বন্তি প্ৰজ্বলন কৰিব নামঘৰ পৰিচালনা সমিতিৰ সভাপতি তথা উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ক্ৰমে তৰুণ গগৈ আৰু দীপক চেতিয়াই।

পুৱা ১০ বজাত জয়া বড়া, দীপা গগৈ আৰু অলি কোঁৱৰৰ পৰিচালনাত আইসকলৰ নাম দুপৰীয়া ১ বজাত তাঞ্জন গগৈ, কুশল কোঁৱৰ মৃন্ময় ৰাজকোৱঁৰৰ পৰিচালনাত দিহানাম বিয়লি ২ বজাত বৰগীত, ভজন আৰু প্ৰাৰ্থনা প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

দ্বিতীয় দিনা পুৱা ৫ বজাত লোকনাথ কোৱঁৰৰ পৰিচালনাত ঊষা কীৰ্তন, পুৱা ১০ বজাত নামপ্ৰসংগ অনুষ্ঠিত হ’ব। নামাচাৰ্য ৰূপে প্ৰেমনাৰায়ণ গোস্বামী কীৰ্তন পাঠেকীৰূপে পুষ্প গগৈয়ে অংশ ল’ব।

বিয়লি ২ বজাত ৰাণাজ্যোতি নেওগৰ সন্ঞ্চালনাত অসমীয়া সমাজ গঠনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বহুমুখী অৱদান শীৰ্ষক আলোচনাচক্ৰ আৰু বঁ‌টা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হ’ব।

উক্ত অনুষ্ঠানত লিডু কলেজৰ উপাধ্যক্ষ ড° পবিত্ৰ গগৈয়ে আলোচক, মাৰ্ঘেৰিটা আঞ্চলিক পঞ্চায়তৰ সভাপতি সুখদেৱ শৰ্মা বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰিব। উদযাপন সমিতিয়ে সকলোৰে সহযোগিতা কামনা কৰিছে।