NORTHEAST NOW (Assamese)
অসম

কৰ’নাৰ মাজতে এইবাৰ ‘মাংকিপক্স’ৰ আতংক! ইংলেণ্ডত দেখা গৈছে নতুন ভাইৰাছৰ সংক্ৰমণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 12, 2021 10:18 am
monkeypox uk

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ মাজতেই ইংলেণ্ডত নতুনকৈ আতংকৰসৃষ্টি কৰিছে ‘মাংকিপক্স’য়ে। দেশখনৰ উত্তৰ ৱেলছত দুজন লোকৰ শৰীৰত ধৰা পৰিছে এই ভাইৰাছৰ সংক্ৰমণ।

সংক্ৰমিত লোক দুজনক হাস্পাতলত ভৰ্তি কৰা হৈছে। দেশখনৰ স্বাস্থ্য সচিব মেট হেনককে এই তথ্য সদৰী কৰিছে।

আনহাতে চৰকাৰৰ স্বাস্থ্য বিষয়ক পৰামৰ্শদাতা ৰিচাৰ্ড ফাৰ্থে সংসদক জনাইছে যে আৰু কোনোবা সংক্ৰমিত হৈছে নেকি সেয়া পৰ্যবেক্ষণ কৰি থকা হৈছে।

এই মাংকিপক্সনো কি? ২০১৭চনত নাইজেৰিয়াত প্ৰথম ধৰা পৰিছিল মাংকিপক্সৰ সংক্ৰমণ। প্ৰাণীৰ পৰাই এই ভাইৰাছৰ সংক্ৰমণ ঘটে।

সৰু বসন্ত (স্মলপক্স) যি প্ৰজাতিৰ ভাইৰাছ, মাংকিপক্সো সেই একেই প্ৰজাতিৰেই। অৱশ্যে, সৰু বসন্ততকৈ ইয়াৰ সংক্ৰমণৰ পৰিমান কম।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ চেন্টাৰ ফৰ ডিজিজ কন্ট্ৰ’ল এণ্ড প্ৰিভেনশ্যন (চিডিচি)য়ে জানিবলৈ দিছে যে এই ভাইৰাছৰ সংক্ৰমণ ঘটাৰ ১২দিন পাছৰ মূৰৰ বিষ. পেশীৰ বিষ তথা ক্লান্তিৰ ভাৱ দেখা দিয়ে।

আক্ৰান্ত হোৱাৰ ৩দিন পাছৰ পৰা শৰীৰত গুটি গুটি দেখা দিয়াৰ লগতে সামান্য জ্বৰ হয়। সেই গুটি গুটিবোৰ লাহে লাহে গোটেই শৰীৰতে বিয়পি পৰে। খজুৱতিও হয়। দুইৰ পৰা চাৰি সপ্তাহলৈ ক্লান্তিৰ ভাৱ থাকে।

কেৰ্কেটুৱা আৰু দুটা প্ৰজাতিৰ এন্দুৰক এই ভাইৰাছৰ বাহক বুলি কোৱা হৈছে।

‘চিডিচি’য়ে জানিবলৈ দিয়া মতে এই ৰোগৰ কোনো বিশেষ দৰৱ নাই। কিন্তু ইয়াৰ সংক্ৰমণ ৰোধ কৰিবলৈ সৰু বসন্তৰ ভেকচিন ছিডোফ’ভিৰ, এছটি-২৪৬ তথা ভেকচিনিয়া গ্ল’বিউলিন ব্যৱহাৰ কৰিব পৰা যাব পাৰে।