NORTHEAST NOW (Assamese)
অসম

ছানৰাইজাৰ্ছ হায়দৰাবাদক ১০ ৰাণত পৰাজিত কৰি আইপিএলত অভিযান আৰম্ভ বিৰাট বাহিনীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 22, 2020 7:52 am
WhatsApp Image 2020-09-22 at 7.21.13 AM

প্ৰথমখন খেলতে বিজয়েৰে এইবাৰৰ আইপিএলৰ অভিযান আৰম্ভ কৰিলে বিৰাট কোহলীৰ নেতৃত্বৰ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে।

সোমবাৰে ডুবাইত প্ৰতিযোগিতাৰ তৃতীয়খন মেচত বিৰাট বাহিনীয়ে ছানৰাইজাৰ্ছ হায়দৰাবাদক ১০ ৰাণত পৰাজিত কৰে।

যুজবেন্দ্ৰ চাহালে বলিঙত ৪অ’ভাৰত ১৮ ৰাণ দি ৩টা উইকেট দখল কৰে। তেওঁ এই বিধ্বংসী বলিঙৰ বাবে মেন অফ দ্য মেচ লাভ কৰে।

চলিত চিজনৰ প্ৰথম দুখন মেচৰ দৰে সোমবাৰৰ মেচখন সিমান উত্তেজনাপূৰ্ণ নাছিল। ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে প্ৰথমে বেট ধৰি নিৰ্দ্ধাৰিত ২০ অ’ভাৰত ৫উইকেটৰ বিনিময়ত ১৬৩ৰাণ সংগ্ৰেহ কৰে।

এই লক্ষ্য অতিক্ৰম কৰিবলৈ গৈ বেটিং বিপৰ্যয়ৰ সন্মুখীন হয় ছানৰাইজাৰ্ছ হায়দৰাবাদ।

বিশেষকৈ চাহালৰ বিধ্বংসী বলিঙত বিধ্বস্ত হৈ পৰে বেটিং লাইন আপ। অৱশেষত ১৯.৪ অ’ভাৰত ১৫৩ৰাণত অল আউট হৈ যায় হায়দৰাবাদ।

সেইদৰে, ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে ১০ ৰাণত বিজয় সাৱ্যস্ত কৰে বিৰাট বাহিনীয়ে।

ইপিনে, খেলৰ বহু সময়লৈকে ছানৰাইজাৰ্ছ হায়দৰাবাদে মেচখন নিজৰ হাতত ৰাখিবলৈ সক্ষম হৈছিল যদিও ১৫.২ অ’ভাৰত চাহালৰ বলত ছেট বেটছমেন বেয়াৰষ্টোৰ আউট হোৱাটো টাৰ্ণিং পইন্ট বুলি ক’ব পাৰি।

এটা দিশত মনীষ পাণ্ডেই যুঁজ অব্যাহত ৰাখিছিল যদিও তেওঁৱো চাহালৰ বলত ব্যক্তিগত ৩৪ ৰাণত আউট হৈ যায়।

ইয়াৰ পাছতে মেচখন হায়দৰাবাদৰ হাতৰ পৰা ওলাই যায়। চাহালৰ বিধ্বংসী বলিঙে মেচখনৰ হাইলাইট বুলি বিবেচিত হৈছে। অৱশ্যে, আৰচিবিৰ পেচাৰ নৱদীপ চাইনীয়েও ৪ অ’বাৰত ২৫ৰাণৰ বিনিময়ত ২টা উইকেট দখল কৰি সকলোৰে প্ৰশংসা বুটলিছে।