NORTHEAST NOW (Assamese)
দেশ

EY Economy Watch Report: মোদী চৰকাৰৰ বিকশিত ভাৰতৰ লক্ষ্য পূৰণৰ বাবে অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰাৰ প্ৰয়োজন!

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী March 30, 2025 4:59 pm

২০২৫-২৬ বিত্তীয়বৰ্ষত ভাৰতৰ জিডিপি বৃদ্ধিৰ হাৰ ৬.৫ শতাংশ হ’ব ইওৱাই ইক’নমি ৱাচৰ(EY Economy Watch) এক প্ৰতিবেদনত প্ৰকাশ কৰিছে। অৱশ্যে প্ৰতিবেদন খনত ‘বিকশিত ভাৰত’ৰ লক্ষ্য পূৰণৰ বাবে এই বৃদ্ধি যথেষ্ট নহয় বুলি উল্লেখ কৰিছে। ইয়াৰ বাবে মোদী চৰকাৰে নতুন অৰ্থনৈতিক নীতি গঢ়িব লাগিব বুলি মতপ্ৰকাশ কৰে সংস্থাটোৱে।

ইওৱাই ইকোনমি ৱাটচৰ মতে, জিডিপি বৃদ্ধি ৬.৫ শতাংশ হ’লেও, বিকশিত ভাৰতৰ সপোন পূৰণৰ বাবে জিডিপিৰ হাৰ ইয়াতকৈ অধিক বৃদ্ধিৰ প্ৰয়োজন। সংস্থাটোৰ প্ৰতিবেদন অনুসৰি, ২০২৭ৰ ভিতৰত ভাৰতক বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতি আৰু ২০৪৭ৰ ভিতৰত বিকশিত দেশ কৰৰ মোদী চৰকাৰৰ যি লক্ষ্য, এই হাৰত বৃদ্ধি হ’লে সেয়া সম্ভৱ নহয়।

অৱশ্যে আন্তৰ্জাতিক মুদ্ৰা নিধিয়ে (আইএমএফ) পৃথক মত প্ৰকাশ কৰিছে। আইএমএফৰ মতে, ভাৰতৰ অৰ্থনীতিৰ বৃদ্ধি সন্তোষজনক। আইএমএফে প্ৰকশিত তথ্য অনুসৰি ২০২৫-২৬ত ভাৰত বিশ্বৰ মানচিত্ৰত গুৰুত্বপূৰ্ণ অৰ্থনৈতিক শক্তি হিচাপে উঠি আহিব। আইএমএফে শেহতীয়া বিবৃতিত জনাইছে যে ভাৰতৰ অৰ্থনীতি এতিয়া মজবুত আৰু স্থিতিশীল। ভাৰতৰ যিকোনো প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ ক্ষমতা আছে।

আইএমএফৰ মতে, ভাৰতত উচ্চমানৰ চাকৰিৰ সুযোগ বাঢ়িছে। এই কাৰণে অৰ্থৰ লেনদেন বৃদ্ধি পাব আৰু আৰ্থিক বৃদ্ধিৰ পৰিমাণো বাঢ়িব বুলি তেওঁলোক আশাবাদী।