NORTHEAST NOW (Assamese)
উত্তৰ-পূব

কেন্দ্ৰীয় চৰকাৰে মণিপুৰ, অৰুণাচল আৰু নাগালেণ্ডত ছমাহলৈ বৃদ্ধি কৰিছে AFSPA

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 30, 2025 6:36 pm

ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে দেওবাৰে বিবৃতি জড়িয়তে ঘোষণা কৰে যে মণিপুৰ, অৰুণাচল প্ৰদেশ, আৰু নাগালেণ্ড ৰাজ্যত ছমাহলৈ আফছপা (AFSPA) সম্প্ৰসাৰণ কৰিছে।

মন্ত্ৰালয়ৰ বিবৃতি অনুসৰি সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন, ১৯৫৮ (১৯৫৮ চনৰ ২৮) ৩ নং ধাৰাত প্ৰদান কৰা ক্ষমতা প্ৰয়োগ কৰি কেন্দ্ৰ চৰকাৰে সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন ছমাহলৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে।

কেন্দ্ৰ চৰকাৰে মণিপুৰৰ ৫ খন জিলাৰ ইম্ফল, লামফেল, চিটি, চিংজামেই, পাটছ’ই, ৱাংগোই, প’ৰ’মপাট, হাইংগাং, ইৰিলবুং, থৌবাল, বিষ্ণুপুৰ, নামবোল, কাকচিং থানাৰ অন্তৰ্গত অঞ্চলসমূহ বাদ দি ছমাহৰ বাবে আফছপা সম্প্ৰসাৰিত কৰিছে।

বিবৃতিত আৰু কোৱা হৈছে যে মন্ত্ৰালয়ে অৰুণাচল প্ৰদেশৰ টিৰাপ, চাংলাং, আৰু লংডিং জিলা, আৰু অসম ৰাজ্যৰ সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ নামছাই জিলাৰ নামছাই, মহাদেৱপুৰ, আৰু চৌখাম আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলসমূহতো আফছপা সম্প্ৰসাৰণ কৰি ‘অশান্ত এলেকা’ হিচাপে ঘোষণা কৰে।

তদুপৰি মন্ত্ৰালয়ে আফছপা সম্প্ৰসাৰণ কৰি কোহিমা জিলাৰ খুজামা, কোহিমা উত্তৰ, কোহিমা দক্ষিণ, জুবজা আৰু কেজোচা থানাৰ অন্তৰ্গত নাগালেণ্ডৰ ডিমাপুৰ, নিউলেণ্ড, চুমৌকেডিমা, মন, কিফিৰে, নোক্লক, ফেক, আৰু পেৰেন জিলাত অশান্ত অঞ্চল হিচাপে ঘোষণা কৰে; মকোকচুং জিলাৰ মাংকোলেম্বা, মকোকচুং-আই, লংথো, তুলি, লংচেম, আৰু আনাকি ‘চি’ আৰক্ষী থানা; লংলেং জিলাৰ ইয়াংলক থানা; ৱোখা জিলাৰ ভাণ্ডাৰী, চম্পাং আৰু ৰালান থানা; আৰু জুনহেবোটো জিলাৰ ঘটাছি, পুঘোবোটো, সাটাখা, চুৰুহুটো, জুনহেবোটো, আৰু আঘুনাটো থানা অশান্ত অঞ্চল হিচাপে ঘোষণা কৰিছে

ৰাজ্য কেইখনৰ পৰিস্থিতি স্বাভাবিক অৱস্থালৈ আনিবলৈ কেন্দ্ৰীয় চৰকাৰে আফছপা সম্প্ৰসাৰণ কৰাৰ পাছতে ৰাজ্য কেইখনত মানৱ অধিকাৰৰ লংঘনৰ সম্ভাবনাই উদ্বেগৰ সৃষ্টি কৰিছে।