NORTHEAST NOW (Assamese)
অসম

অসমত ২০৭৪ নতুন ক’ভিড আৰোগ্য; সক্ৰিয় ৰোগী ২৮,৬৩১

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 18, 2020 11:59 pm
Covid19: 1351 persons discharged in Assam on Sunday

২০৭৪গৰাকী ব্যক্তিয়ে শুকুৰবাৰে ক’ভিড১৯ৰ পৰা আৰোগ্য হৈ অসমত চিকিৎসালয় এৰিছে।

এইসকলক ধৰি অসমত ক’ভিডৰ পৰা আৰোগ্য লাভ কৰা মুঠ ব্যক্তিৰ সংখ্যা ১,২৩,৬৮৪লৈ বৃদ্ধি পাইছে।

অসমত বৰ্তমান সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা হৈছে ২৮,৬৩১ (।)

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

আনহাতে ২৫০৯গৰাকী ব্যক্তি শুকুৰবাৰে অসমত ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে।

টেষ্টৰ তুলনাত পজিটিভৰ হাৰ হৈছে ৬.৯৬ শতাংশ।

যোৱা ২৪ ঘণ্টাত ৩৬,০২৭টা ক’ভিড টেষ্টত এইসকল ব্যক্তিক পজিটিভ পোৱা গৈছে।

পজিটিভ চিনাক্তসকলৰ ভিতৰত আছে কামৰূপ মহানগৰৰ ৫৪১, লখিমপুৰৰ ২০৭, গোলাঘাটৰ ১৯৭ আৰু যোৰহাটৰ ১৬২গৰাকী ব্যক্তি।

এইসকল ব্যক্তিক ধৰি অসমত এতিয়ালৈকে চিনাক্ত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা ১,৫২,৮৫৮লৈ বৃদ্ধি পাইছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

ইপিনে আৰু ১২গৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, শুকুৰবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ৫৪০লৈ বৃদ্ধি পাইছে।