NORTHEAST NOW (Assamese)
অসম

ঋতু হত্যাকাণ্ডৰ তিনিদিনৰ পিছতো আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকা; পুনৰ এজাহাৰ দাখিল

Posted by: এন ই নাও নিউজ April 3, 2019 7:52 pm
Assam-police-1140x570

৩১ মাৰ্চত কামাখ্যা গেটৰ এটা ভাড়াঘৰৰ কোঠালীত ঋতু সিং নামৰ এগৰাকী কলেজীয়া ছাত্ৰীৰ মৃতদেহ চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছিল।

ঋতু সিঙৰ পৰিয়ালৰ লোকে ভাড়া ঘৰৰ মালিক বকুল দাস আৰু তেওঁৰ পুত্ৰই ছাত্ৰীগৰাকীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়া বুলি অভিযোগ উত্থাপন কৰিছিল।

মন কৰিবলগীয়া যে ঘটনাৰ তিনিদিন অতিক্ৰম কৰাৰ পিছতো আজিলৈকে ভাড়াঘৰৰ মালিক বকুল দাসৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। ফলত ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোক ক্ষুভিত হৈ পৰিছে।

আজি পুনৰ নিহত ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে আজি পুনৰ জালুকবাৰী আৰক্ষী চকীত বকুল দাসৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। লগতে ঋটু সিঙৰ হত্যাকাৰীক আটক কৰি উচিত শাস্তি প্ৰদান কৰাৰ বাবে দাবী জনায়।