NORTHEAST NOW (Assamese)
অসম

বোকাখাতত ৰাহুল।। “গৃহীত হ’বলৈ নিদিওঁ নাগৰিকত্ব বিধেয়ক”

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া April 3, 2019 8:07 pm
Loksabha election: Won't let Citizenship Bill to pass, Congress chief Rahul Gandhi declares in Assam's Bokakhat

বিজেপিৰ বিৰুদ্ধে “আদৰ্শৰ যুদ্ধ” দোহাৰি কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে বুধবাৰে বোকাখাতত অসম তথা উত্তৰ-পূবৰ খিলঞ্জীয়াৰ ব্যাপক বিৰোধৰ সন্মুখীন হোৱা নাগৰিকত্ব বিধেয়ক গৃহীত হ’বলৈ নিদিয়াৰ প্ৰতিশ্ৰুতি আগবঢ়াইছে।

প্ৰচাৰ সভাখনৰ হাজাৰ হাজাৰ লোকৰ সন্মুখত কংগ্ৰেছৰ লোকসভা নিৰ্বাচনৰ ইস্তাহাৰত ঠাই পোৱা এই ৰাষ্ট্ৰীয় ঘোষণা দোহাৰে দলটোৰ মুৰব্বীজনে।

বিধেয়কখনক অসম তথা উত্তৰ-পূবৰ ওপৰত “আক্ৰমণ” বুলি অভিহিত কৰি বিজেপিৰ আকোৰগোঁজ পক্ষপাতিত্ব সত্ত্বেও কংগ্ৰেছৰ বিৰোধিতাৰ বাবে ইয়াক গৃহীত কৰিব নোৱাৰিলে বুলি উল্লেখ কৰে গান্ধীয়ে।

“বিজেপিৰ সভাপতি অমিত শ্বাহে কৈছিল যে তেওঁলোকে ইয়াক পাছ কৰি দেখুৱাব। আমি আপোনালোকক কৈছিলো যে আমি ইয়াক পাছ হ’বলৈ নিদিওঁ আৰু আমি পাছ হ’বলৈ নিদিলো। কংগ্ৰেছ দলে এই বিধেয়ক কেতিয়াও গৃহীত হ’বলৈ নিদিয়ে,” বিধেয়কখনক উত্তৰ-পূববাসীৰ ওপৰত, উঃপূঃবাসীৰ ভাষা, চিন্তাধাৰা আৰু স্বাধীনতাৰ ওপৰত আক্ৰমণ বুলি উল্লেখ কৰি এই মন্তব্য ৰাহুলৰ।

তেওঁৰ ওচৰলৈ অসম তথা সমগ্ৰ উত্তৰ-পূবৰ পৰা যোৱা বিভিন্ন দল-সংগঠন-ব্যক্তিৰ সৈতে মত বিনিময়ে বিধেয়কখনক উত্তৰ-পূবৰ ওপৰত “আক্ৰমণ” বুলি তেওঁক উপলব্ধি কৰোৱাৰ কথাও ৰাহুলে উল্লেখ কৰে।

“অসম আৰু গোটেই উত্তৰ-পূবৰ পৰা মোৰ ওচৰলৈ মানুহ আহিছিল। আপোনালোকে মোক বুজালে যে এয়া আপোনালোকৰ ওপৰত আক্ৰমণ আৰু আমি স্পষ্টকৈ ক’লো যে নাগৰিকত্ব বিধেয়ক আমি গৃহীত হ’বলৈ নিদিওঁ,” ৰাহুলৰ মন্তব্য।

লগতে পঢ়ক– কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত উত্তৰ-পূবৰ ৰাজ্যক পুনৰ বিশেষ ৰাজ্যৰ মৰ্যাদা, নাগৰিকত্ব বিধেয়ক বাতিলৰ প্ৰতিশ্ৰুতি

উত্তৰ-পূবৰ ৰাজ্যসমূহৰ “বিশেষ মৰ্য্যাদা” কৰ্তনো অঞ্চলটোৰ ওপৰত চলা বিজেপি চৰকাৰৰ এক আক্ৰমণ বুলি অভিহিত কৰি এই মৰ্য্যাদা পুনৰ ঘূৰাই দিয়াৰ কথাও তেওঁ ঘোষণা কৰিছে।

“বিশেষ মৰ্য্যাদা আপোনালোকক কিয় দিয়া হৈছিল? কাৰণ, আপোনালোকৰ সন্মুখত বিশেষ ধৰণৰ প্ৰতিকূলতা আছে। অসমত বানপানী আহে।… সেয়া নৰেন্দ্ৰ মোদীয়ে আপোনালোকৰ পৰা আঁজুৰি নিলে। ঔদ্যোগিক নীতি আপোনালোকৰ পৰা আঁজুৰি নিলে। মই আশ্বাস দিছো আমাৰ চৰকাৰ অহাৰ লগে লগেই এই মৰ্য্যাদা পুনৰ আপোনালোকক ঘূৰাই দিয়া হ’ব,” ৰাহুলৰ ঘোষণা।

সভাত কলিয়াবৰৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ, প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ লগতে ৰিপুণ বৰা, দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইন, অজন্তা নেওগ, বিস্মিতা গগৈ, ৰূপজ্যোতি গগৈ প্ৰমুখ্যে নেতাসকল উপস্থিত আছিল।