NORTHEAST NOW (Assamese)
অসম

ৰঞ্জন দৈমাৰীক সাধাৰণ ক্ষমাদানৰ দাবী প্ৰাক্তন এনডিএফবি(এছ) সদস্যৰ

Posted by: চাজিদ খান Updated by: চাজিদ খান September 19, 2020 6:58 am
7-8-1024x512

বৰ্তমান নিষিদ্ধ প্ৰত্যাহাৰ কৰা নেশ্যনেল ডেম’ক্ৰেটিক ফ্ৰন্ট অফ বডোলেণ্ড(এনডিএফবি)ছাউৰাইগৌৰা গোটৰ প্ৰাক্তন সদস্যসকলে বিদ্ৰোহী সংগঠনটোৰ প্ৰাক্তন সদস্যৰসকলৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰসমূহ প্ৰত্যাহাৰ কৰাৰ বাবে দাবী জনাইছে।

তেওঁলোকে লগতে শেহতীয়া বড়ো চুক্তিৰ দফা অনুসৰি তেওঁলোকক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়াৰো দাবী জনায়।

শুকুৰবাৰে ওদালগুৰিৰ ভেৰগাঁওত এখন সংবাদ মেলত প্ৰাক্তন এনডিএফবি ৱেলফেয়াৰ ছচাইটিৰ ওদালগুৰি শাখাৰ উপ-সভাপতি দাওহাৰো বড়োৱে কয়,’’বিদ্ৰোহী সংগঠনটোৰ বহুকেইজন সদস্য বিভিন্ন জিলাৰ কাৰাগাৰত বন্দী হৈ আছে।‘’

‘’চুক্তিখনৰ দফা অনুসৰি তেওঁলোকৰ চৰ্তহীন মুক্তি তথা পুনৰ্সংস্থাপনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগক আহ্বান জনাইছো,‘’-তেওঁ কয়।

বড়োৱে লগতে কয় যে যদিও এনডিএফবিৰ নেতাসকলৰ মাজত ৰাজনৈতিক মতানৈক্য আছে, বড়ো জনসাধাৰণে ক্ষমতাৰ এক পৰিৱৰ্তন বিচাৰিছে।

তেওঁ ৰাইজক প্ৰমোদ বড়ো নেতৃত্বাধীন য়ুনাইটেড পিপুলছ পাৰ্টি লিবাৰেল(য়ুপিপিএল)ক ভোট দিবলৈ আহ্বান জনায়।

‘এনডিএফবিৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰী যোৱা ২৭ জানুৱাৰিত স্বাক্ষৰিত বড়ো চুক্তিৰ এগৰাকী মূল স্বাক্ষৰকাৰী হোৱা সত্ত্বেও তেওঁৰ সাধাৰণ ক্ষমাদান অনুমোদন কৰা নাই। চৰকাৰে তেওঁৰ চৰ্তহীন মুক্তিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা উচিত,’’-তেওঁ লগতে কয়।