NORTHEAST NOW (Assamese)
দেশ

ৰে’লৱেৰ নতুন নিয়মঃ অনলাইন পদ্ধতিৰে বাতিল কৰিব পাৰিব কাউণ্টাৰ পৰাসংগ্ৰহ কৰা সংৰক্ষিত টিকট

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 30, 2025 4:01 pm
ৰে’লৱেৰ নতুন নিয়মঃ অনলাইন পদ্ধতিৰে বাতিল কৰিব পাৰিব কাউণ্টাৰ পৰাসংগ্ৰহ কৰা সংৰক্ষিত টিকট

এতিয়াৰ পৰা ৰে’লৱে ষ্টেচনৰ কাউণ্টাৰ পৰা সংগ্ৰহ কৰা  সংৰক্ষিত আসনৰ টিকিট অনলাইনতে বাতিল কৰিব পৰিব। সংসদত ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই সিদ্ধান্তৰ কথা ঘোষণা কৰিছে।

 তেওঁ কয় যে, যিসকলে ৰে’লৱে ষ্টেচনৰ কাউণ্টাৰ পৰা টিকিট ক্ৰয় কৰা সকলে প্ৰয়োজনত, তেওঁলোকে আইআৰচিটিচি ৱেবছাইট বা অনুসন্ধান নম্বৰ ১৩৯ৰ মাধ্যমে অনলাইনতে সেই টিকিট বাতিল কৰিব পাৰিব। কিন্তু টিকটৰ মূল্য ঘূৰাই পাবলৈ হ’লে বাতিল কৰা টিকটৰ কপি ৰিজাৰ্ভেচন কাউণ্টাৰৰ মূল পি আৰ এছ কাউণ্টাৰলৈ লৈ যাব লাগিব।

প্ৰসঙ্গত, বিজেপিৰ সাংসদ মেধা বিষ্ণু কুলকাৰ্নীয়ে প্রশ্ন কৰিছিল যে ৰে’ল যাত্ৰাৰ পূৰ্বে টিকট বাতিল কৰিবলৈ ষ্টেচনলৈ যোৱাটো প্ৰয়োজনীয় নেকি? ৰাজ্যসভাত এই প্রশ্নৰ লিখিত উত্তৰত ৰে’লমন্ত্ৰীয়ে কয় যে, ৰে’লৰ যাত্ৰী (টিকট বাতিল আৰু টিকট ঘূৰাই দিয়া) বিধি-২০১৫ অনুসৰি নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত পি আৰ এছ কাউণ্টাৰ (ৰে’লৱে সংৰক্ষণ কেন্দ্ৰ)ৰ পৰা লোৱা টিকট ঘূৰাই দিলে বাতিল কৰা হয়।