NORTHEAST NOW (Assamese)
অৰুণাচল

অৰুণাচল প্ৰদেশত কোভিড সংক্ৰমিত লোকৰ সংখ্যা ৭৫৯৫ গৰাকীলৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 22, 2020 3:51 pm

অৰুণাচল প্ৰদেশত নতুনকৈ ২১০ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

ইয়াৰ ফলত ৰাজ্যখনত মুঠ ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যা ৭৫৯৫ গৰাকীলৈ বৃদ্ধি পালে।

অৰুণাচলপ্ৰদেশৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা অনুসৰি শেহতীয়াভাৱে ৰাজ্যখনৰ ১৯ খন জিলাত নতুনকৈ ক’ৰ’না আক্ৰান্ত লোক সকল চিনাক্ত হৈছে।

অৰুণাচলপ্ৰদেশৰ ভিতৰত ৰাজধানী ইটানগৰত সৰ্বাধিক সংখ্যক ক’ৰ’না আক্ৰান্ত লোক চিহ্নিত হৈছে।

নতুনকৈ ক’ৰ’না আক্ৰান্ত হোৱা ২১০ গৰাকী ব্যক্তিৰ ভিতৰত ১৮১ গৰাকী ব্যক্তি লক্ষণ নথকা আৰু ১৮ গৰাকী ব্যক্তি ক’ৰ’নাৰ লক্ষণযুক্ত।

আনহাতে, সোমবাৰে ৰাজ্যখনৰ বিভিন্ন চিকিৎসালয়ৰ পৰা মুঠ ২৩৫ গৰাকী লোক চিকিৎসাৰ অন্তত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা সুস্থ হৈ উঠে।

সোমবাৰে ক’ৰ’নামুক্ত হোৱা ২৩৫ গৰাকী লোকৰ সৈতে অৰুণাচলপ্ৰদেশত ক’ৰ’নাৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যা ৫৬৪৩ গৰাকীলৈ বৃদ্ধি পায়।

ৰাজ্যখনত বৰ্তমানলৈ আৰোগ্যৰ হাৰ ৭৪.২৯ শতাংশ।

অৰুণাচলত বৰ্তমান ১৯৩৯ গৰাকী সক্ৰিয় কোভিড ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ১৩ গৰাকী লোকে মাৰাত্মক ভাইৰাছ বিধৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুৱাইছে।