NORTHEAST NOW (Assamese)
অসম

দেশত কৰ’নাভাইৰাছ আক্ৰান্তৰ সংখ্যা ৩২৪লৈ বৃদ্ধি; সৰ্বাধিক মহাৰাষ্ট্ৰত, উত্তৰ-পূবত শূন্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 22, 2020 12:55 pm
Coronavirus: Number of confirmed cases crosses 150 in India; Maharashtra worst hit

স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য মতে ভাৰতত দেওবাৰলৈকে ৩২৪ গৰাকী কৰ’নাভাইৰাছ আক্ৰান্ত চিনাক্ত হৈছে।

আক্ৰান্তসকলৰ ভিতৰত ৪১ গৰাকী বিদেশী নাগৰিক।

কৰ’নাভাইৰাছত আক্ৰান্ত হৈ দেওবাৰ পৰ্য্যন্ত ভাৰতত ছগৰাকী লোক মৃত্যুমুখত পৰিছে।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ তথ্য মতে ২২ গৰাকী ৰোগীক চিকিৎসাৰ পিছত যাবলৈ দিয়া হৈছে।

মহাৰাষ্ট্ৰত আটাইতকৈ বেছি আক্ৰান্ত চিনাক্ত হৈছে। দেওবাৰে এই সংখ্যাই ৬৩ চুইছেগৈ।

মহাৰাষ্ট্ৰ চৰকাৰে মুম্বাই, নাগপুৰ আৰু পুনে চহৰ সম্পূৰ্ণ বন্ধ ঘোষণা কৰিছে। অত্যাৱশ্যকীয় সেৱাসমূহৰ বাহিৰে সকলো সেৱা ৩১ মাৰ্চলৈকে বন্ধ কৰা হৈছে।

কেৰালাত ৫২ গৰাকী কৰ’নাভাইৰাছ আক্ৰান্ত চিনাক্ত হৈছে—এই সংখ্যা দেশৰ ভিতৰত দ্বিতীয় সৰ্বাধিক।

দেশৰ ৰাজধানী নতুন দিল্লীত কৰ’নাভাইৰাছত আক্ৰান্তৰ সংখ্যা হৈছেগৈ ২৭ গৰাকী। আক্ৰান্তসকলৰ এগৰাকী বিদেশী নাগৰিক।

মুখ্য মন্ত্ৰী অৰৱিন্দ কেজৰিৱালে দিল্লীৰ মল আৰু ৰেষ্টুৰেণ্টসমূহ বন্ধ ঘোষণা কৰিছে।

উত্তৰ প্ৰদেশত এগৰাকী বিদেশী নাগৰিককে ধৰি ২৫ জন লোক কৰ’নাভাইৰাছত আক্ৰান্ত বুলি চিনাক্ত কৰা হৈছে।

ৰাজস্থানত চিনাক্ত হৈছে দুগৰাকী বিদেশী নাগৰিককে ধৰি ২৪ গৰাকী কৰ’নাভাইৰাছত আক্ৰান্ত ৰোগী।

তেলেংগানাত কৰ’নাভাইৰাছত আক্ৰান্তৰ সংখ্যা ২১ গৰাকীলৈ বৃদ্ধি পাইছে, তাৰ ভিতৰত আছে ১১ গৰাকী বিদেশী নাগৰিক।

কৰ্নাটকত ২০ গৰাকী কৰ’নাভাইৰাছত আক্ৰান্ত বুলি চিনাক্ত কৰা হৈছে।

হাৰিয়ানাত ১৭ গৰাকী ৰোগী চিনাক্ত কৰা হৈছে। তাৰ ভিতৰত ১৪ গৰাকীয়েই বিদেশী নাগৰিক।

গুজৰাটত ১৪ গৰাকী কৰ’নাভাইৰাছ আক্ৰান্ত চিনাক্ত কৰা হৈছে। পঞ্জাৱ আৰু লাডাখত চিনাক্ত হৈছে ১৩ গৰাকীকৈ ৰোগী।

তামিল নাডুত দুগৰাকী বিদেশীকে ধৰি মুঠ ছগৰাকী আৰু পশ্চিম বংগ আৰু জম্মু-কাশ্মীৰত চাৰিগৰাকীকৈ ৰোগী চিনাক্ত হৈছে।

চণ্ডীগড়ত আক্ৰান্তৰ সংখ্যা পাঁচলৈ বৃদ্ধি পাইছে।

অন্ধ্ৰ প্ৰদেশ আৰু উত্তৰাখণ্ডত তিনিগৰাকীকৈ আৰু ওড়িছাত দুগৰাকী, পুডুচেৰি আৰু চত্তিশগড়ত এগৰাকীকৈ ৰোগী চিনাক্ত হৈছে।

অসমকে ধৰি উত্তৰ-পূবত এতিয়ালৈকে কোনো কৰ’নাভাইৰাছ আক্ৰান্ত চিনাক্ত হোৱা নাই।

যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলত এগৰাকী শিশু কৰ’নাভাইৰাছত আক্ৰান্ত বুলি চিনাক্ত কৰা হৈছিল। কিন্তু নমুনাৰ পুনৰ পৰীক্ষাত তেওঁক আক্ৰান্ত নহয় বুলি দেওবাৰে ঘোষণা কৰা হৈছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰ’নাভাইৰাছ সন্দৰ্ভত শুকুৰবাৰে কিছু বিশেষ ঘোষণা কৰিছে।

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ ৫০ শতাংশক ঘৰৰ পৰাই কাম কৰাৰ নিৰ্দেশ দিয়া হৈছে।

কৰ’নাভাইৰাছৰ আতংকৰ বাবে গুৱাহাটীত এইবাৰ সমূহ ৰঙালী বিহু উদযাপনৰ কাৰ্য্যসূচী বাতিল কৰা হৈছে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ’নাভাইৰাছৰ বিৰুদ্ধে ২২ মাৰ্চৰ পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৯ বজালৈকে দেশজুৰি আহ্বান কৰা জনতাৰ কাৰ্ফিউলৈ জনসাধাৰণে ব্যাপক সঁহাৰি জনাইছে।

গুৱাহাটীত সকলো দোকান-পোহাৰ, যান-বাহন বন্ধ হৈ থকাৰ লগতে সকলো বাট-পথ জনশূন্য হৈ পৰিছে।