NORTHEAST NOW (Assamese)
অসম

কুহুমীয়া গৰম পানীত হালধি মিলাই খোৱাৰ উপকাৰিতা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 22, 2020 11:28 am
Benefits of drinking warm water with turmeric powder

কুহুমীয়া গৰমপানীত হালধি মিলাই খোৱাৰ বহু উপকাৰিতা আছে।

ৰাতিপুৱাই খালী পেটত কুহুমীয়া গৰম পানীত হালধি মিলাই খালে বহু সুফল পোৱা যায়।

সকলোৰে পাকঘৰত থকা হালধিয়ে দেহক বহু ৰোগৰ বিৰুদ্ধে যুঁজাত সহায় কৰে।

ৰাতিপুৱাই হালধি খালে ই মগজুক অধিক সতেজ কৰে।

হালধিৰ এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ যি কেন্সাৰ, আলজেইমাৰ আদি ৰোগৰ বিৰুদ্ধে যুঁজাত সহায় কৰে।

হালধি খোৱাটোৱে কোষ্ঠকাঠিন্য, এচিডিটি আদি পেটৰ সমস্যা দূৰ কৰাতো সহায় কৰে। ই পাচন ব্যৱস্থাটোক ভাল কৰি ৰাখে।

হালধিয়ে তেজ পৰিস্কাৰ কৰে আৰু দেহৰ পৰা ক্ষতিকাৰক টক্সিনসমূহ আঁতৰোৱাত সহায় কৰে।

ডায়েবেটিক ৰোগীৰ কাৰণেও হালধি ভাল। ই টাইপ ২ ডায়েবেটিছ আঁতৰাই ৰখাত সহায় কৰে।

আপুনি হালধি আৰু কুহুমীয়া পানীত কেইটোপালমান নেমুৰ ৰস আৰু এচামুচ মৌ দিও খাব পাৰে।