NORTHEAST NOW (Assamese)
অসম

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব গঁড় দিৱস উদযাপন

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া September 22, 2020 8:03 pm
World Rhino Day celebrated in Kaziranga National Park

সমগ্ৰ বিশ্বৰ লগতে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো বিশ্ব গঁড় দিৱস পালন কৰা হয়৷

গঁড় দিৱসৰ আজিৰ কাৰ্যসূচীত কাজিৰঙাত ক্ৰিকেট তাৰকা কেভিন পিটাৰছেনৰ তথ্যচিত্ৰ ৰাজহুৱাভাৱে প্ৰদৰ্শন  কৰা হয়৷

কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত বিভিন্ন প্ৰকৃতি সংগঠনৰ সহযোগত আজি ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা ৰেঞ্জৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত বিশ্ব গঁড় দিৱসৰ দিনজোৰা কাৰ্যসূচীৰে গঁড় দিৱস অনুষ্ঠিত হয়৷

অনুষ্ঠানৰ আৰম্ভণিতে কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰে আদৰণি ভাষণ প্ৰদান কৰে৷

সঞ্চালকৰ ভাষণৰ পিচতেই গোলাঘাট জিলাৰ অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়া আৰু গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মাই গঁড়ৰ প্ৰজাতি, জনসংখ্যা বিতৰণ, আচৰণ আদিৰ ওপৰত পৃথকে পৃথকে সচিত্ৰ উপস্থাপনেৰে বৰ্ণনা কৰে৷

পৰৱৰ্তী সময়ত প্ৰকৃতি সংগঠন বিশ্ব প্ৰকৃতি নিধি, ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়া আৰু আৰণ্যকৰ উপৰিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰস্তুত কৰা তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়৷

দুপৰীয়ালৈ নেচনেল জিঅ’গ্ৰাফিক চেনেলে প্ৰদৰ্শন কৰা বিশ্ব প্ৰসিদ্ধ ক্ৰিকেট খেলুৱৈ কেভিন পিটাৰছেনৰ তথ্যচিত্ৰ চেভ ডিচ ৰাইন’ৰ ৰাজহুৱাকৈ প্ৰদৰ্শন কৰা হয়৷

আজিৰ অনুষ্ঠানতে কাজিৰঙাৰ কৰ্মচাৰী কল্যাণ সমিতিৰ উদ্যোগত শেহতীয়া হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ বনকৰ্মী আৰু বন বিষয়াৰ সন্তানসকলক সম্বৰ্ধনা জনোৱাৰ লগতে গঁড় দিৱস উপলক্ষে আয়োজন কৰা ৰচনা প্ৰতিযোগিতা আৰু ফটোগ্ৰাফী প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগী সকলক বঁটা প্ৰদান কৰা হয়৷

অনুষ্ঠানত গোলাঘাট জিলাৰ উপায়ুক্ত বিভাস মোডী, ডি আই জি  সত্যৰাজ হাজৰিকা, গোলাঘাটৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিং আৰু বন বিষয়াসকল উপস্থিত থাকে৷

বিয়লিলৈ কহঁৰাৰ মহি মিৰি প্ৰেক্ষাগৃহত উত্তম শইকীয়াৰ সঞ্চালনাত সাম্প্ৰতিক পটভূমিত গঁড় সংৰক্ষণৰ প্ৰত্যাহ্বান বিষয়ত এক বিশেষ আলোচনা অনুষ্ঠিত হয়৷

কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰে শুভাৰম্ভ কৰা এই আলোচনাত বিশ্ব প্ৰকৃতি নিধিৰ ড৹ অনুপম শৰ্মা, ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ ড৹ ৰথিন বৰ্মন, জ্যেষ্ঠ সাংবাদিক স্বপন নাথ আৰু দেৱাশিস বৰুৱা, কাজিৰঙাৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈ, বিশ্বনাথ সংমণ্ডলৰ ডি এফ অ’  মুকুট চন্দ্ৰ দাস , ড৹ প্ৰণৱ জ্যোতি গগৈ আৰু সহকাৰী বন সংৰক্ষক ঋতু পৱন বৰাই অংশ গ্ৰহণ কৰে৷