NORTHEAST NOW (Assamese)
অসম

কাশ্মীৰ প্ৰসংগত অযথা মূৰ নঘমাব; তুৰস্কক সকিয়ালে ভাৰতে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 23, 2020 4:06 pm
india-slams-turkey

কাশ্মীৰ প্ৰসংগক লৈ শেহতীয়াকৈ তুৰস্কই পুনৰ ভাৰত বিৰোধী স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকত তুৰস্কৰ ৰাষ্ট্ৰপতি ৰিছেপ এৰ্ডোগানে কাশ্মীৰ প্ৰসংগত কৰা মন্তব্যকলৈ এতিয়া জাঙুৰ খাই উঠিছে ভাৰত ।

আজি ৰাষ্ট্ৰসংঘত থকা ভাৰতৰ প্ৰতিনিধি টি এছ মূৰ্তিয়ে তুৰস্কৰ ৰাষ্ট্ৰপতিৰ মন্তব্যৰ বিৰোধিতা কৰি কয় যে কাশ্মীৰ যিহেতু ভাৰতৰ অংগ সেয়ে  বিষয়ত কোনো বিদেশী ৰাষ্ট্ৰ কোনো হস্তক্ষেপ সহ্য কৰা নহ’ব।

তেওঁ কয় যে ভাৰতে সদায় কাশ্মীৰী জনতাৰ সুখ –দুখৰ সমভাগী হৈ আহিছে।

এই ক্ষেত্ৰত কোনো লোকক হাৰাশাস্তি কৰাৰ প্ৰশ্নই নুঠে। উল্লেখ্য,ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকত তুৰস্কৰ ৰাষ্ট্ৰপতি ৰিছেপ এৰ্ডোগানে কৈছিল যে ভাৰতে কাশ্মীৰৰ পৰা বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰাৰ পিছতে কাশ্মীৰৰ জনতাই দুৰ্বিসহ জীৱন যাপন কৰিবলগীয়া হৈছে।

তুৰস্কৰ ৰাষ্ট্ৰপতি এৰ্ডোগানে ইয়াৰ পূৰ্বেও পাকিস্তান ভ্ৰমণ কৰাৰ সময়ত কাশ্মীৰ প্ৰসংগত কেতবোৰ আপত্তিকৰ মন্তব্য কৰিছিল।

পাকিস্তানৰ উচটনিতে তুৰস্কৰ ৰাষ্ট্ৰপতি গৰাকীয়ে ভাৰতৰ বিৰুদ্ধে মন্তব্য কৰি অহা বুলি বহুতে ধাৰণা কৰিছে।

ইয়াৰ পূৰ্বেও এৰ্ডোগানে কৈছিল যে কাশ্মীৰ ভাৰতৰ অংগ নহয়। ভাৰতে কাশ্মীৰ বলপূৰ্বক অধিকাৰহে কৰি আছে।