NORTHEAST NOW (Assamese)
অসম

ভাৰত সীমান্তলৈ যোৱাৰ পূৰ্বে কিয় হাউহাউকৈ কান্দিছে চীনৰ সৈনিকে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 24, 2020 11:18 am
4-6-1140x570

শেহতীয়াকৈ টাইৱানত চীনৰ সৈনিকে হাউহাউকৈ কন্দা এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভাৰতৰ সীমান্তলৈ প্ৰেৰণ কৰা চীনৰ এই সৈনিকসকলে কিয় এনেদৰে কান্দিছে তাক লৈ বিভিন্ন মহলত কৌতুহলৰ সৃষ্টি  হৈছে।

ভাইৰেল হোৱা ভিডিঅ’টোত দেখা গৈছে যে চীনৰ সামৰিক গান গ্ৰীণ ফ্লাৱাৰ ইন দ্য আৰ্মি গাই গাই পিপুলছ লিবাৰেশ্যন আৰ্মিৰ সৈনিকসকলে কান্দোনত ভাগি পৰিছে।

টাইৱানৰ সংবাদ মাধ্যমে এই ভিডিঅ’টোক লৈ কটাক্ষও কৰিছে। তেওঁলোকে দাবী কৰিছে যে চীনৰ এই সৈনিকসকলে মৃত্যুৰ ভয়তে এইদৰে কান্দিছে।

আনহাতে, চীনৰ চৰকাৰী মুখপত্ৰ গ্লোবেল টাইমছে জানিবলৈ দিছে যে এই ভিডিঅ’টো সৈনিকসকলে পৰিয়ালৰ লোকৰ পৰা বিদায় লোৱাৰ মুহূৰ্তত শ্বুট কৰা হৈছিল।

তেনে এক আবেগিক মুহূৰ্তত বহুতো সৈনিকে তেওঁলোকৰ পৰিয়ালৰ পৰা চকুলো টুকি বিদায় লৈছে। ইয়াৰ সৈতে ভয়ৰ কোনো সম্বন্ধ নাই।

বৰ্তমান ভাৰত-চীনৰ মাজত সীমান্তত সামৰিক উত্তেজনা অব্যাহত আছে।

ভাইৰেল হোৱা ভিডিঅ’টো আনহুইৰ ফুইয়াং চহৰৰ য়িংঝুউৰ।

ভিডিঅ’টো চীনৰ অনলাইন প্লেটৰ্ফমৰ লগতে টুইটাৰ আৰু ফেচবুকতো ব্যাপক হাৰত শ্বেয়াৰ হৈছে।

দুয়োখন দেশৰ সীমান্তত চলি থকা উত্তেজনাৰ মাজতে চীনৰ সৈনিকৰ কান্দোনৰ এই ভিডিঅ’ই আমোদজনক চৰ্চা লাভ কৰিছে।