NORTHEAST NOW (Assamese)
অসম

দক্ষিণ কোৰিয়াৰ বিষয়াক হত্যা কৰি জ্বলাই দিলে কিম জং উনৰ উত্তৰ কোৰিয়াই!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 24, 2020 1:16 pm
Kim jung un

একনায়কত্ববাদী নেতা কিম জং উন শাসনাধীন উত্তৰ কোৰিয়াই দক্ষিণ কোৰিয়াৰ এগৰাকী বিষয়াক গুলী কৰি হত্যা কৰাৰ পাছত জ্বলাই দিয়াৰ অভিযোগ উঠিছে।

বৃহস্পতিবাৰে দক্ষিণ কোৰিয়াৰ সামৰিক বাহিনীয়ে এই তথ্য সদৰী কৰিছে।

দক্ষিণ কোৰিয়াৰ সামৰিক বাহিনীয়ে লগতে এই ঘটনাৰ সৈতে জড়িতসকলক শাস্তিৰ দাবীও উত্থাপন কৰিছে।

বাতৰি অনুসৰি, সীমান্তৰ সমীপৰ এখন টহলদাৰী নাওৰ পৰা বিষয়াগৰাকী নিৰুদ্দেশ হৈছিল। পাছত তেওঁক উত্তৰ কোৰিয়াৰ জল সীমাত উদ্ধাৰ কৰা হয়।

উত্তৰ কোৰিয়াৰ সেনাই তেওঁক গুলীয়াই নিহত কৰাৰ পাছত তেওঁৰ মৃতদেহত তেল ঢালি জ্বলাই দিয়ে। এনে হত্যাকাণ্ডক অত্যন্ত নিৰ্মম কাণ্ড বুলি গৰিহনা দিছে দক্ষিণ কোৰিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে।

এই ঘটনাৰ বাবে উত্তৰ কোৰিয়াই দায়িত্ব স্বীকাৰ কৰিব লাগিব বুলি উল্লেখ কৰি এক বিবৃতিত দক্ষিণ কোৰিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে কঠোৰ সকীয়নি প্ৰদান কৰে।

আনহাতে, দক্ষিণ কোৰিয়াৰ এনে অভিযোগৰ বিপৰীতে এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই উত্তৰ কোৰিয়াই।