NORTHEAST NOW (Assamese)
অসম

কোভিডৰ ভয়াবহ পৰিস্থিতিৰ মাজতে গুৰুত্বপূৰ্ণ ঘোষণা মন্ত্ৰী হিমন্তৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 25, 2020 12:24 pm
HImu Himu

ৰাজ্যত অপ্ৰতিৰোধ্য কৰ’নাৰ সংক্ৰমণ। তাৰ মাজতে কোৱাৰেন্টাইনৰ নিয়মক লৈ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল যোগে গুৰুত্বপূৰ্ণ ঘোষণা কৰে।

তেওঁ সংবাদমেলত জনোৱা অনুসৰি বিমান বন্দৰত যাত্ৰীসকলে কেইবাখনো প্ৰ-পত্ৰ পূৰণ কৰিব লাগে যাৰ ফলত বিমান বন্দৰত যথেষ্ট সমাগম হয়। সেয়েহে vigitassam.org এপ এটা আৰম্ভ কৰা হৈছে। বিমান বন্দৰৰ যিখিনি ফৰ্ম পূৰণ কৰিব লাগে সেইখিনি এই এপৰ মাধ্যমৰে পূৰণ কৰিব পাৰিব। মাথোঁ বিমান বন্দৰত সেই প্ৰ-পত্ৰ দেখুৱালেই হয়।

বিমানৰে অসমলৈ অহাৰ পাছত ১০ দিনৰ হোম কোৱাৰেন্টাইন প্ৰত্যাহাৰ কৰা হৈছে বুলি তেওঁ সংবাদমেলত ঘোষণা কৰে।

তেওঁ উল্লেখ কৰা অনুসৰি ‘বিমান বন্দৰত অৱতৰণ কৰাৰ লগে লগে এন্টিজেন টেষ্ট আৰু আৰ.টি.পিছিআৰ টেষ্ট কৰোৱা হ’ব। যদি ২২০০ টকা যাত্ৰীগৰাকীয়ে বহন কৰে তেন্তে তেওঁ ২৪ ঘন্টাৰ ভিতৰত ৰিজাল্ট পাই যাব। ৰিজাল্ট নিগেটিভ হোৱাৰ লগে লগে তেওঁৰ কোৱাৰেন্টাইন শেষ হৈ যাব।‘

অৱশ্যে যদি ২২০০ টকা দি আৰটিপিছিআৰ টেষ্ট নকৰালে ৰিজাল্ট নহা পৰ্য্যন্ত হোম কোৱাৰেন্টাইনত থাকিব লাগিব।  বিনামূলীয়াকৈ কৰা আৰটি পিচিআৰ পৰীক্ষাৰ ফলাফলৰ বাবে ৩-৫ দিন লাগিব বুলি তেওঁ জনায়।

ইয়াৰোপৰি, ক’ৰ’নাত আক্ৰান্ত হৈ যদি আৰোগ্য লাভ কৰে তেনে যাত্ৰীসকলে কোনোধৰণৰ টেষ্ট কৰাব নালাগে বুলিও তেওঁ সংবাদমেলত কয়। অৱশ্যে, তেওঁলোকে চিকিৎসালয়ৰ পৰা মুক্তি লাভ কৰা প্ৰমাণ পত্ৰ বিমানবন্দৰত প্ৰদৰ্শন কৰিব লাগিব বুলি তেওঁ জনায়।

ৰে’লৰ ক্ষেত্ৰতো উপৰোক্ত নিয়মখিনিয়েই প্ৰযোজ্য হ’ব বুলি মন্ত্ৰীগৰাকীয়ে কয়।