NORTHEAST NOW (Assamese)
অসম

ক’ৰ’ণাৰ পৰা আৰোগ্য লাভ কৰা সকলে বাধ্যতামূলকভাবে কৰিব লাগিব যক্ষ্মাৰ পৰীক্ষা, কোনে দিলে এই নিৰ্দেশ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 25, 2020 4:25 pm
first-ever

ক’ৰ’ণা ভাইৰাছে দেশত কালান্তক ৰূপ ধাৰণ কৰিছে। দেশত ৫৬ লাখৰো অধিক লোক এই মাৰাত্মক ভাইৰাছ বিধত আক্ৰান্ত হৈছে।

এনে সময়তে ক’ৰ’ণাৰ হাত ধৰি আন কোনো মাৰাত্মক ৰোগে ক’ৰ’ণাৰ পৰা মুক্ত হোৱা লোক সকলক আক্ৰান্ত কৰাৰ আশংকাই দেখা দিছে।

ক’ৰ’ণা ভাইৰাছে যিহেতু মানুহৰ হাওঁফাওঁক বেছিকৈ ক্ষতিগ্ৰস্ত কৰে সেইবাবে ক’ৰ’ণাৰ পৰা মুক্ত হোৱাৰ পিছত লোক এজন যক্ষ্মা ৰোগত আক্ৰান্ত হোৱাৰ পূৰ্ণ আশংকা থাকে।

সেইবাবে ক’ৰ’ণাৰ পৰা মুক্ত হোৱা লোকসকলে ৭ৰ পৰা ২১ দিনৰ ভিতৰত যক্ষ্মা ৰোগৰ পৰীক্ষা কৰোৱাটো বাধ্যতামূলক কৰিছে এখন চৰকাৰে।

শেহতীয়াকৈ পশ্চিমবংগৰ চৰকাৰে ক’ৰ’ণাৰ পৰা মুক্ত হোৱা লোকসকলে ৭-২১ দিনৰ ভিতৰত যক্ষ্মাৰোগৰ পৰীক্ষা কৰোৱাব লাগিব বুলি নিৰ্দেশনা জাৰি কৰিছে।

নিৰ্দেশনাটোত কোৱা হৈছে যে ক’ৰ’ণা হোৱাৰ ফলত যিহেতু মানুহৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায় সেয়ে এই সময়ছোৱাত যক্ষ্মাৰোগে আক্ৰমণ কৰাৰ আশংকা থাকে।

সেয়ে ক’ৰ’ণাৰ পৰা মুক্ত হোৱা সকলে যক্ষ্মাৰ পৰীক্ষা কৰোৱাবই লাগিব। পশ্চিমবংগ চৰকাৰৰ এনে সিদ্ধান্তক আদৰণি জনাইছে কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে।

পশ্চিমবংগৰ দৰে দেশৰ আন ৰাজ্যতো হয়তো শীঘ্ৰে মনে ব্যৱস্থা হ’ব।