NORTHEAST NOW (Assamese)
অসম

চহিদৰ তেজ কেতিয়াও অথলে যাবলৈ নিদিওঁ; ইশ্বৰ নায়কৰ বাসগৃহত আছুৰ মুখ্য উপদেষ্টা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 27, 2019 10:00 am
AASU

নাগৰিকত্ব (সংশোধনী) আইন বিৰোধী আন্দোলনৰ সময়ত গুৱাহাটীত নিৰাপত্তাৰক্ষীৰ গুলীত চহিদ হোৱা ইশ্বৰ নায়কৰ ঘৰত বৃহস্পতিবাৰে উপস্থিত হয় সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য সহ এটা সঁজাতী দল।

চহিদ ইশ্বৰ নায়কৰ ওদালগুৰি জিলাৰ মাজুলি চাহ বাগিছাত থকা বাসগৃহত উপস্থিত হৈ আছুৰ উপদেষ্টা গৰাকীয়ে নায়কৰ প্ৰতিচ্ছৱিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে।

ভট্টাচাৰ্য্যই অসমে আৰু এজন অসম সন্তান হেৰুৱালে বুলি উল্লেখ কৰি অসমীয়া ৰাইজ সদায় পৰিয়ালটোৰ লগত সাৰথি হৈ থিয় দিব বুলি কোৱাৰ লগতে ইশ্বৰ নায়কৰ পিতৃক চহিদৰ তেজ কেতিয়াও অথলে যাবলৈ দিয়া নহয় বুলি প্ৰতিশ্ৰুতি দিয়ে।

‘‘সদৌ অসম ছাত্ৰ সন্থা, চাহ জনগোষ্ঠীয় ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থাকে ধৰি অসমৰ ৩০ টা জনগোষ্ঠীয় সংগঠনে সদায় একেলগে কাম কৰি আছো আৰু ‘কা’ বিৰোধী আন্দোলন যি তিনিগৰাকী অসম সন্তান চহিদ হ’ল আমি সেই চহিদ সকলৰ ত্যাগ অথলে যাবলৈ নিদিও,’’ আছুৰ উপদেষ্টা গৰাকীৰ মন্তব্য।