NORTHEAST NOW (Assamese)
অসম

‘বৰনদী ভটিয়ায়’লৈ শৈলধৰ বৰুৱা চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ সন্মান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 27, 2019 10:20 am
bornodi-bhotiai-new

চতুৰ্থ সংখ্যক শৈলধৰ বৰুৱা চলচ্চিত্ৰ বঁটা ২০১৯ত অনুপম কৌশিক বৰাৰ ‘বৰনদী ভটিয়ায়’ চিনেমাখনক শ্ৰেষ্ঠ চিনেমা হিচাপে নিৰ্বাচিত কৰা হৈছে।

বৃহস্পতিবাৰে শৈলধৰ বৰুৱা স্মাৰক ন্যাসৰ কৰ্মকৰ্তাই গুৱাহাটীত এই ঘোষণা কৰে।

এই ছবিখনৰ প্ৰযোজনাও কৰিছিল অনুপম কৌশিক বৰা।

ইফালে ‘কানীন’ চিনেমাখনৰ বাবে মঞ্জুল বৰুৱাক শ্ৰেষ্ঠ পৰিচালক, বড়ো চিনেমা ‘Jwlwi-The Seed’ৰ বাবে ৰজনী বসুমতাৰীক শ্ৰেষ্ঠ স্ক্ৰিন ৰাইটাৰ আৰু কুৱান বে’ক আমিষ চিনেমাৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালক হিচাপে নিৰ্বাচিত কৰা হৈছে।

ইফালে আমিষ চিনেমাৰ বাবেই গৌতম নায়াৰক শ্ৰেষ্ঠ চাউণ্ড ডিজাইনাৰ আৰু একেখন চিনেমাতে অভিনয় কৰা লীমা দাসক শ্ৰেষ্ঠ মহিলা অভিনেত্ৰীৰ বঁটাৰ বাবে মনোনীত হৈছে।

‘গোৱৰ্ধন চৰিত’ত কৰা সাৱলীল অভিনয়ৰ বাবে অৰুন হাজৰিকাক নিৰ্বাচিত কৰা হৈছে শ্ৰেষ্ঠ পুৰুষ অভিনেতা হিচাপে।

‘পখিলাৰ পাখি’ চিনেমাখনৰ বাবে পাপৰি শইকীয়াৰ লগতে ‘শৈশৱতে ধেমালীতে’ চিনেমাখনত অভিনয় কৰা শিশু অভিনেতায মহাৰ্নৱ মহন্ত, ঋষিৰাজ বৰুৱা আৰু জিয়া বৰুৱাই বিচাৰকৰ বিশেষ বঁটা লাভ কৰিবলৈ সক্ষম হয়।

এই বঁটা সমূহ অহা ১০ জানুৱাৰিত প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে।