NORTHEAST NOW (Assamese)
অসম

টীয়কত মাইক্ৰ’ফাইনেন্স সম্বন্ধীয় গণ অভিৱৰ্তন

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক September 25, 2020 4:35 pm
Scre

যোৰহাট জিলাৰ টীয়কৰ চিপাহীখোলা ব্লকৰ সভা কক্ষত আজি সদৌ অসম চাহ জনগোষ্ঠী অধিকাৰ সংগ্ৰাম সমিতি,সন্মিলিত নাৰী অধিকাৰ সংগ্ৰাম সমিতি,মাইক্ৰফাইনেন্স শোষণ বিৰোধী সংগ্ৰামী মঞ্চৰ উদ্যোগত তথা বিভিন্ন দল সংগঠন আৰু  ৰাইজৰ সহযোগত মাইক্ৰফাইনন্স সম্বন্ধীয় এখনি গণ অভিৱৰ্তন আয়োজন কৰা হয়।

মাইক্ৰফাইনেন্সে দৰিদ্ৰ পৰিয়ালসমূহক আৰ্থিক সমস্যা দূৰ কৰিছে নে শোষণ কৰি বিপথে পৰিচালনা কৰিছে বা এই ঋণ দৰিদ্ৰ পৰিয়ালসমূহৰ বাবে আশীৰ্বাদ নে অভিশাপ আদি কৰি বিভিন্ন বিষয়ত আলোচনা কৰি ৰাইজৰ মাজত ঋণ সম্পৰ্কে সজাগতা সৃষ্টি কৰিবলৈ প্ৰয়াস কৰে উদ্যোক্তা সকলে।

উক্ত অভিৱৰ্তনত বীৰ লাচিত সেনাৰ যোৰহাট জিলাৰ সাংগঠনিক সম্পাদক সিদ্ধাৰ্থ বৰুৱা উপস্থিত থাকি দেশৰ এই দুৰ্যোগৰ সময়ত মাইক্ৰফাইনেন্সৰ এই দু:চক্ৰৰ পৰা হাত সাৰি  থাকিবলৈ তথা অসমৰ পৰা পুলিয়ে পোখাই মাইক্ৰফাইনেন্স কোম্পানীসমূহক উভালি পেলাবলৈ  আহ্বান জনায় ।

অসম চৰকাৰক এই বিষয়ত কঠোৰ হোৱাৰো দাবী জনোৱা হয়।

অন্যথা ইয়াৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন গঢ় দিয়াৰ হুংকাৰ প্ৰদান কৰিছে।