NORTHEAST NOW (Assamese)
অসম

এইবাৰহে এইবাৰ! হোৱাটছএপৰ জৰিয়তে গুৱাহাটীৰ সমস্যা সমাধান কৰিব বিজেপিয়ে

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 25, 2020 7:04 pm
Guwahati BJP

কৃত্ৰিম বানপানী, খোৱাপানীৰ সমস্যা, যান-যঁটকে ধৰি কেইবাটাও সমস্যাৰে জৰ্জৰিত গুৱাহাটী মহানগৰীৰ স্থায়ী সমাধানৰ কোনো সূত্ৰ বৰ্তমানলৈকে হোৱা নাই।

তেনে সময়তে বিজেপিৰ গুৱাহাটী মহানগৰ জিলা সমিতিয়ে ঘোষণা কৰিছে ‘হোৱেটছএপ যোগে সমস্যা সমাধান’ৰ কথা।

তাৰ বাবে আজি খ্ৰীষ্টানবস্তিস্থিত জিলা বিজেপিৰ কাৰ্য্যালয়ত এক হোৱেটছএপ নম্বৰ মুকলি কৰে গুৱাহাটী মহানগৰ জিলা সমিতিৰ সভাপতি তথা প্ৰাক্তন মেয়ৰ মৃগেন শৰণীয়াই। হোৱেটছএপ নম্বৰটো হ’ল ৮৮২২৬৬৯২৩৯ ।

শৰণীয়াই জানিবলৈ দিয়া মতে গুৱাহাটী পৌৰ নিগমৰ অন্তৰ্গত জনসাধাৰণে এই হোৱেটছএপ নম্বৰৰ জৰিয়তে তেওঁলোকৰ বিভিন্ন সমস্যাসমূহ অৱগত কৰিব পাৰিব।

জানিব পৰা মতে যোৱা ১৯ ছেপ্তেম্বৰত অনুষ্ঠিত হোৱা মহানগৰ জিলাৰ কাৰ্য্যনিৰ্বাহক সভাই লোৱা সিদ্ধান্ত অনুসৰি ৰাইজৰ সুবিধাৰ্থে আজি এই হোৱাটছএপ নম্বৰ মুকলি কৰে।

পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মদিন উপলক্ষে ৰাইজৰ সমস্যা সমাধানৰ বাবে এই পদক্ষেপ লোৱা বুলি জানিবলৈ দিয়ে শৰণীয়াই।

এই নম্বৰ মুকলিৰ পদক্ষেপক ইতিমধ্যে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই আদৰণি জনোৱাৰ লগতে ৰাইজে অৱগত কৰা সমস্যাসমূহ সমাধানৰ বাবে পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰে বুলি শৰণীয়াই জনায়।

বৰ্তমানলৈকে কোনো এখন চৰকাৰে গুৱাহাটীৰ কৃত্ৰিম বান অথবা যান-যঁট, খোৱাপানীৰ সমস্যা সমাধান কৰিব নোৱাৰাৰ পাছতো এতিয়া হোৱাটছএপ নম্বৰৰ জৰিয়তে কেনেদৰে সমস্যাৰ সমাধান কৰিব সেয়া সময়ত লক্ষ্যণীয় হ’ব।