NORTHEAST NOW (Assamese)
অসম

দীপিকা পাডুকনৰ স্বীকোৰোক্তি—‘হয়, ড্ৰাগছ চক্ৰৰে কথা পাতিছিলো, কিন্তু ড্ৰাগছ খোৱা নাছিলো’

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 26, 2020 3:08 pm
index

কেঁচু খান্দোতে এতিয়া সাপ ওলাবলৈ ধৰিছে।

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ আঁত ধৰি চলাই যোৱা তদন্তত এতিয়া বলীউডৰ বহু কেইগৰাকী শিল্পীয়ে নিষিদ্ধ ড্ৰাগছ গ্ৰহণ কৰাৰ কথা পোহৰলৈ আহিছে।

এন চি বিয়ে আজি বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকনক জেৰা চলোৱাৰ সময়ত দীপিকাই স্বীকাৰ কৰে যে ড্ৰাগছ চক্ৰৰ সৈতে তেওঁ হোৱাটছ এপত কথা পতাটো সঁচা।

কিন্তু তেওঁ নিজে কেতিয়াও ড্ৰাগছ গ্ৰহণ কৰা নাই। ড্ৰাগছ গ্ৰহণ নকৰা দীপিকাই কিয় ড্ৰাগছ চক্ৰৰ সৈতে সম্পৰ্ক বজাই ৰাখিছিল সেই ৰহস্য ফাদিল কৰাৰ বাবে এতিয়া তৎপৰ হৈ পৰিছে এন চি বি।

ড্ৰাগছ চক্ৰৰ সৈতে যোগাযোগ ৰক্ষা কৰি চলা হোৱাটছ এপৰ এডমিন হিচাবে ‘ড়ি’ বুলি যিটো নাম ব্যৱহাৰ কৰা হৈছিল সেয়াও দীপিকা পাডুকনৰে নাম বুলি দীপিকাই স্বীকাৰ কৰিবলৈ বাধ্য হৈছে।

উল্লেখ্য এন চি বিৰ সূত্ৰই প্ৰকাশ কৰিছিল যে  যিটো হোৱাটছএপ চ্যাটৰ আঁত ধৰি শনিবাৰে অভিনেত্ৰীগৰাকীক মাতি পঠোৱা হৈছে, দীপিকা সেই গ্ৰুপটোৰ নিজেই এডমিন আছিল।

গ্ৰুপটোৰ আন এগৰাকী এডমিন আছিল জয়া সাহা। শুকুৰবাৰে এনচিবিৰ জেৰাত তেওঁ নিজেই এইকথা স্বীকাৰ কৰে।

ইতিমধ্যেই এন চিবিয়ে জেৰাৰ বাবে ছাৰা আলী খান, ৰাকুল প্ৰীত সিং, আৰু ছিমন খামবাট্টাক মাতিছে। এই সন্দৰ্ভত শ্ৰদ্ধা কাপুৰৰো নাম জড়িত হৈ পৰিছে।

ইডিয়ে গোচৰটোৰ সৈতে ড্ৰাগছ চক্ৰৰ সম্পৰ্ক বিচাৰি পোৱাৰ পাছত এই বিষয়ত তদন্ত আৰম্ভ কৰিছে কেন্দ্ৰীয় সংস্থা নাৰক’টিকছ কন্ট্ৰ’ল ব্যুৰোৱে।

সংস্থাটোৱে ইতিমধ্যে ৰিয়া চক্ৰৱৰ্তী আৰু তেওঁৰ ভাতৃক গ্ৰেপ্তাৰ কৰাৰ পাছত বৰ্তমান তেওঁলোক কাৰাগাৰত আছে।

ৰিয়া আৰু তেওঁৰ ভাতৃ সৌভিক চক্ৰৱৰ্তীক জেৰা কৰাৰ পাছতেই তেওঁলোকে চক্ৰটোৰ সৈতে বলীউদৰ বহু তাৰকাৰ সম্পৰ্ক থকাৰ তথ্য লাভ কৰে।