NORTHEAST NOW (Assamese)
অসম

কোভিড আক্ৰান্তৰ মৃত্যুক কেন্দ্ৰ কৰি খুমটাই চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন May 19, 2021 1:56 pm
IMG_20210519_123600

আজি পুৱাৰ ভাগত গোলাঘাটৰ খুমটাই চাহ বাগিচাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

খুমটাই চাহ বাগিচাৰ ক্ষুব্ধ শ্ৰমিকে ঘেৰাও কৰিলে বাগিচাৰ মুখ্য কাৰ্যালয়।

বাগিচা খনত কৰ্মৰত এগৰাকী মহিলা শ্ৰমিক কোভিড -১৯  ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ পিছতেই বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে উত্তেজিত হৈ পৰে শ্ৰমিকসকল।

কোভিড পজিটিভত আক্ৰান্ত হৈ মৃত্যু হোৱা মহিলা গৰাকীৰ নাম বিনু কৰ্মকাৰ। মৃত শ্ৰমিকগৰাকী উপযুক্ত চিকিৎসা নোপোৱাৰ বাবে মৃত্যু হোৱাৰ অভিযোগ তুলিছে ক্ষুদ্ধ শ্ৰমিকসকলে।

যোৱা ১৪ মে’ত মহিলা গৰাকীৰ শৰীৰত ধৰা পৰিছিল ক’ভিড পজিটিভ। তেতিয়াৰ পৰাই হ’ম আইছ’লেশ্যনত আছিল মহিলাগৰাকী।

বুধবাৰে পুৱতি নিশা মহিলা গৰাকী উশাহ-নিশাহ লোৱাত অসুবিধা পাই মৃত্যু বৰণ কৰে।

ইযাৰ পিছতে বাগিচা কৰ্তৃপক্ষৰ লগতে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে বাগিচাৰ শ্ৰমিকসকলে।